Eviction:✒️পূর্বে ঘোষিত অনুসৰি নগাঁও প্রশাসনে একাংশ উচ্ছেদিতৰ হিয়াভগা কান্দোনৰ মাজতে কালি ৰূপহীহাটৰ ভকতগাঁৱৰ অর্ধ-শতাধিক পৰিয়ালৰ গৃহত বুলড’জাৰ চলায়। বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীৰে পৰিবেষ্টিত হৈ প্ৰশাসনৰ দলে চাৰিখন বুলড’জাৰৰে ভকতগাঁৱত বেদখলকাৰী উচ্ছেদ অভিযান চলায়। এই অভিযানৰ জৰিয়তে প্রশাসনে ৩৮ বিঘা ভূমি বেদখলকাৰীসকলৰ কবলৰ পৰা উদ্ধাৰ কৰে। উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি, চামগুৰিৰ ৰাজহ চক্ৰৰ অন্তৰ্গত খাটোৱাল মৌজাৰ ভকতগাঁও কিছামতৰ ১২ নম্বৰ চৰণীয়া পথাৰৰ ৩৮ বিঘা মাটি বেদখলৰ কবলত পৰে। এই বিশাল ভূখণ্ড ৮৬ টা পৰিয়ালে বেদখল কৰি তাত ঘৰ-দুৱাৰ সাজি বাস কৰিবলৈ লয়।
শুকুৰবাৰে কে’বাঘণ্টা ধৰি চলোৱা উচ্ছেদ অভিযানৰ জৰিয়তে প্রশাসনে এই ৩৮ বিঘা মাটি উদ্ধাৰ কৰে। অৱশ্যে প্রশাসনে এমাহ পূৰ্বে জাৰি কৰা উচ্ছেদৰ জাননী পাই বহুসংখ্যক বেদখলকাৰী পৰিয়ালে স্বেচ্ছাই ঘৰ-দুৱাৰ ভাঙি আঁতৰি যায়। প্রশাসনে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, আজি উচ্ছেদ অভিযানৰ জৰিয়তে বেদখলীকৃত ভূমিত থকা এশটা ঘৰ ভাঙি পেলোৱা হয়। বুলড’জাৰৰে দূৰমাৰ কৰা এই ঘৰবোৰৰ মাজত পকী আৰু কেঁচা দুয়ো ধৰণৰ ঘৰেই আছিল। উচ্ছেদ অভিযান শান্তিপূর্ণ বুলিও প্রশাসনে প্রকাশ কৰিছে। উচ্ছেদ অভিযান শান্তিপূর্ণ কৰাৰ উদ্দেশ্যে প্রশাসনে উচ্ছেদস্থলীত চাৰিশ আৰক্ষী নিয়োগ কৰে। তদুপৰি উচ্ছেদস্থলীত স্বয়ং উপস্থিত থাকে জিলা আযুক্ত দেবাশীষ শর্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আদিও।উল্লেখ্য যে এয়া হৈছে মধ্য অসমৰ দ্বিতীয়টো সর্ববৃহৎ উচ্ছেদ অভিযান।
৩৫ বছৰ ধৰি ইয়াত বাস কৰি আছিলো: উচ্ছেদিত মহিলাৰ কান্দোন
ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদিত এগৰাকী গৃহহাৰা মহিলাই মাটিত বাগৰি বাগৰি কৰা গগনফলা কান্দোনে কালি বহুতৰে চকু সেমেকাই তোলে। অকলশৰীয়া ৬২ বছৰীয়া এই মহিলাগৰাকীয়ে কান্দি কান্দি কয়, ‘মোৰ ঘৰটোও ভাঙি পেলালে। মই এতিয়া ক’লৈ যাম? ক’ত থাকিম? ৩৫ বছৰ ধৰি ইয়াতে বাস কৰি আছিলো। আমাক মাৰি পেলাওক। আমাৰ যাবলৈ ঠাই নাই। মোৰ মা-দেউতাও কোনো নাই। লোকৰ ঘৰত কাম কৰি ঘৰখন বনাইছিলো। আজি চৰকাৰে উচ্ছেদ কৰিলে।’ জুপুৰি এটা সাজি দিবলৈ মহিলাগৰাকীয়ে কান্দি কান্দি চৰকাৰলৈ দাবী জনায়।
উচ্ছেদস্থলীত উত্তেজিত মন্তব্য কৰি গ্ৰেপ্তাৰ মোছাব্বিৰ আলী আহমেদ
ৰূপহীহাটৰ ভকতগাঁৱত প্রশাসনে শুকুৰবাৰে উচ্ছেদ অভিযান চলাই থকাৰ সময়ত উত্তেজিত মন্তব্য কৰাৰ অভিযোগত সংখ্যালঘু সংগ্রাম পৰিষদৰ নেতা তথা যোৱা চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰাজিত নির্দলীয় প্রার্থী মোছাব্বিৰ আলী আহমেদক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। মোছাব্বিৰে পৰিস্থিতি বিঘ্নিত কৰাৰ অপচেষ্টা চলাইছিল বুলি আৰক্ষী সূত্রই জনায়।
মোক্তাব বিদ্যালয়লৈও উচ্ছেদৰ জাননী
জিলা প্রশাসনে ভকতগাঁৱৰ উচ্ছেদ অভিযানৰ সামৰণি পেলোৱাৰ সমান্তৰালকৈ বেলুগুৰি কছাৰীগাঁৱৰ তিনি নম্বৰ দাগৰ অংশ ৫২৮, ৫০৬, ৫০৫ আৰু ছশ নম্বৰ দাগৰ বেদখলকাৰীসকললৈও উচ্ছেদৰ জাননী জাৰি কৰে। চামগুৰি ৰাজহ চক্র বিষয়াই সদৰী কৰা অনুসৰি, পৰৱৰ্তী সময়ত অধিক চৰকাৰী চৰণীয়া পথাৰ বেদখলমুক্ত কৰা হ’ব। একেদৰে জিলা আয়ুক্ত শর্মাই কয় যে সকলো বেদখলীকৃত চৰকাৰী ভূমিতে উচ্ছেদ অভিযান চলোৱা হ’ব। লক্ষ্যণীয়ভাবে প্রশাসনে ৰূপহীহাটৰ ভকতগাঁও মোক্তাব বিদ্যালয়লৈও উচ্ছেদ জাননী জাৰি কৰিছে।
প্রশাসনে জাননী লাভ কৰাৰ পাছতে চিন্তিত হৈছে বিদ্যালয়ৰ ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রীৰ লগতে অভিভাৱকসকল। কালি প্রশাসনে জাৰি কৰা এই জাননীত এসপ্তাহৰ ভিতৰত বিদ্যালয়খনৰ নথিপত্র দাখিলৰ নিৰ্দেশ দিয়া হৈছে। অন্যথা অহা ১২ ডিচেম্বৰৰ পৰা উচ্ছেদ চলোৱা হ’ব বুলি জাননীখনত উল্লেখ আছে। উল্লেখ্য যে ১৯৮৫ত স্থাপিত সম্প্রতি ৪৭ গৰাকী ছাত্র-ছাত্রী থকা বিদ্যালয়খনত দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে পাঠদান কৰি আছে।
তদুপৰি প্ৰশাসনে ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত শালনীবাৰী, আহোমগাঁও, টুকটুকি, ৰৌমাৰী বিল, মৈৰাধ্বজ, বেছামাৰী, শালমবাৰী, অখৰবাৰী গেলেকনি বিলত উচ্ছেদৰ লক্ষ্য লোৱা বুলি নগাঁৱৰ জিলা আয়ুক্তই স্পষ্ট কৰি দিছে। অভিযোগ অনুসৰি, একাংশ লোকে চৰকাৰী মাটিত বেদখলকাৰীক বহুৱায়। এই সম্পর্কত জিলা আয়ুক্তই কয় যে উচ্চতম ন্যায়ালয়ৰ জৰিয়তে উচ্ছেদ বন্ধ কৰাৰ আভুৱা ভাঁৰি একাংশ লোকে বেদখলকাৰীসকলক বিপথে পৰিচালিতও কৰিছিল।
ইয়াৰ বিপৰীতে প্রশাসনে বান্ধি দিয়া সময়সীমাৰ প্রতি সম্মান জনাই বেদখলকাৰীসকলে স্বেচ্ছাই ঘৰ-দুৱাৰ ভাঙি আঁতৰি গৈছে বুলিও জিলা আযুক্তই সদৰী কৰে। তেওঁ লগতে কয় যে সোণাইৰ নিচিনা এখন বোঁৱতী নৈও বেদখলকাৰীসকলে সম্পূৰ্ণৰূপে বন্ধ কৰি পেলাইছিল। সকলো বেদখলীকৃত ভূমিত পর্যায়ক্রমে উচ্ছেদ অভিযান চলি থাকিব বুলিও তেওঁ ঘোষণা কৰে।
উচ্ছেদক অমানবীয় আখ্যা বিধায়ক হুদাৰ
ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদক অমানৱীয় আখ্যা দিছে স্থানীয় বিধায়ক নুৰুল হুদাই। বিধায়কজনে কয় যে উচ্ছেদৰ পূর্বে ভূমিহীন লোকৰ বাবে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। তাকে নকৰি জিলা প্রশাসনে কৰা উচ্ছেদ গৰিহণাযোগ্য বুলি তেওঁ অভিহিত কৰে।






























