গোৱাৰ ক্লাবত মাজনিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ড 

IMG 20251207 120233

Goa:✒️গোৱাত ভয়াবহ দুৰ্ঘটনা। শনিবাৰে মাজনিশা আৰপোৰাৰ এখন ৰেষ্টুৰেণ্ট-কম-ক্লাবত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত কমেও ২৫ জন লোকৰ মৃত্যু হোৱা হয়। সূত্ৰ অনুসৰি ইয়াৰে কেবাজনো পৰ্যটক আছিল।

ইতিমধ্যে এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই শোক প্ৰকাশ কৰিছে।

ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় জৰুৰীকালীন সেৱাৰ দল । আহতসকলক ইতিমধ্যে চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ নিয়া হৈছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে গোৱাৰ অগ্নিকাণ্ডত নিহত প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে ।

Exit mobile version