কাম চৰাইৰ ৰঙা ঠোঁট, তাতে দিলে দীঘল ফোঁট, মৰমৰ দেউতা অ’ দূৰলৈ নিদিবা মোক। বিয়াগীত আদিত গুৰুত্বপূৰ্ণ ঠাই অধিকাৰ কৰা কাম চৰাইৰ লগতে বিভিন্ন প্রজাতিৰ দেশী-বিদেশী পক্ষীৰ কলৰৱেৰে মুখৰ বঙাইগাঁও জিলা তথা অভয়াপুৰী সমজিলাৰ বিভিন্ন নৈ, খাল, বিল, জলাশয় আদি।
সমজিলাখনৰ অন্তৰ্গত মালেগড়ৰ ৰৌমাৰী বিলত এইবেলি অনুকূল পৰিৱেশৰ বাবে আন আন জলাশয়তকৈ অধিক দেশী-পৰিভ্ৰমী পক্ষীৰ আগমন ঘটা পৰিলক্ষিত হৈছে। অভয়াপুৰী কলেজৰ সহকাৰী অধ্যাপক তথা পক্ষীপ্রেমী অশোক কুমাৰ দাসে জানিবলৈ দিয়া মতে, ৰৌমাৰী বিলত স্থানীয় শামুকখোলা, পানী কাউৰী, শৰালি, দৈকলা, মনিয়ৰী, বৰবগলীৰ লগতে ৰঙামূৰীয়া, ঘিলা হাঁহ, মুগী হাঁহ, বৰকলি হাঁহ, কাও ধনেশ, বগী বালিমাহী, বালি ঢকা, কালিমুৰী হাঁহ, পানীকুক্কুট, লৰিয়লি আদি বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ হৈ পৰিছে।
তেনেদৰে কয়া-কুঁজীয়া বিল উন্নয়ন প্রকল্পত আন আন বছৰৰ দৰে এইবেলিও হেজাৰ-হেজাৰ পৰিভ্ৰমী চৰাইৰে ঠাই খাই পৰিছে। পক্ষীকুলৰ ৰক্ষণাবেক্ষণৰ বাবে কয়া-কুঁজীয়া বিল উন্নয়ন কর্তৃপক্ষই আৰম্ভণিৰ পৰাই ডাঠ পিটনি এখন সংৰক্ষণ কৰি আহিছে। শীতৰ আগমন হোৱাৰ লগে লগে আলহী, পৰিভ্ৰমী বিহংগৰ লগতে দেশী চৰাইও প্রকল্পস্থলীৰ জলাশয়ত থিতাপি লৈ সুমিষ্ট কলৰৱেৰে নান্দনিক সৌন্দৰ্যৰ সৃষ্টি কৰিছে।
জলাশয়ৰ ডাঠ পিটনিত হেজাৰ হেজাৰ শৰালি হাঁহৰ লগতে হঁয়ক’লি, কাম চৰাই, মাছৰোকা, দীঘলনেজী, এৰাখাতি, মুগা এৰাখাতি, ঢেকৰ, বগাবুকুৱা মাছৰোকা, দলপুঙা, ফেঁচু, বিভিন্ন প্ৰজাতিৰ বগলী, কণামুচুৰি আদি চৰায়ে আশ্ৰয় লৈছে। কয়া-কুঁজীয়াৰ প্রকল্পক পক্ষীকুলে অনাবিল সৌন্দৰ্যৰ সৃষ্টি কৰি আহিছে।
তেনেদৰে তামৰঙা, কনৰা, দলনি, কুনজানি আদি বিলৰ লগতে মীন বিভাগ, ব্যক্তিগত জলাশয়, পুখুৰী আদিত হেজাৰ হেজাৰ পৰিভ্ৰমী চৰাই বাহৰ পাতিছে। ইপিনে, ব্রহ্মপুত্র, আই, মানাহ, চম্পা নৈৰ বালি চাপৰিত চাকৈচকোৱা, পেলিকান বিভিন্ন প্ৰজাতিৰ সাৰেং আদি চৰায়ে বাহৰ পতাৰ সমান্তৰালকৈ একাংশ চিকাৰী দিনে-নিশাই ব্যস্ত হৈ পৰিছে পক্ষীকুল ধ্বংস অভিযানত।
তামৰঙা কনৰা বিলত কেইবছৰমান পূর্বে ৩৫ৰ পৰা ৪০টা প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমন ঘটিছিল যদিও বর্তমানে দ্রুতগতিত হ্রাস পাইছে আলহী পক্ষীৰ আগমন। একাংশ লোকে জাল আদি পাতি চিকাৰ কৰাৰ পৰিণতিতে এনেদৰে পক্ষীকুলৰ আগমন সংকুচিত হৈ অহা বিষয়টোত উদ্বিগ্নতা প্রকাশ কৰিছে প্রকৃতিপ্রেমী লোকে।
গৱেষণাথলী হ’ব পৰা উক্ত পক্ষীকুলক নিঃশেষ কৰিবলৈ লোৱা দুষ্কৃতিকাৰীৰ ওপৰত চোকা নজৰ ৰাখিবলৈও আহ্বান জনাইছে প্রকৃতিপ্রেমীসকলে।
