Myanmar:
অৱশেষত ধূলিৰ লগত মিলিল ম্যানমাৰৰ নিষিদ্ধ সাম্রাজ্য। মানৱ সৰবৰাহৰ পৰা আৰম্ভ কৰি অনলাইন প্রৱঞ্চনালৈ অনেক ভয়ংকৰ অপৰাধীৰ নিৰাপদস্থলস্বৰূপ মেক’ঙৰ কে কে পাৰ্কত শেহতীয়াভাৱে অভিযান চলালে সামৰিক জুটাই। সামৰিক বাহিনীয়ে বোমাৰে উৰুৱাই দিয়ে এই নিষিদ্ধ সাম্রাজ্য।
অৱশ্যে অভিযানৰ আগতীয়া উমান পাই অপৰাধী চক্রসমূহে সামৰিক বাহিনী কে কে পার্কত উপস্থিত হোৱাৰ পূৰ্বে উধাও হয়। এই নিষিদ্ধ ব্যৱসায়িক সাম্ৰাজ্যৰ কাহিনী ৰহস্য উপন্যাস বা চলচ্চিত্ৰৰ লেখীয়া। দেখাত কোনো ব্যৱসায়িক সাম্রাজ্য যেন লাগিলেও কে কে পাৰ্কত দৰাচলতে চলিছিল বিভিন্ন নিষিদ্ধ বেহাহে। এই পার্ক সমগ্র দক্ষিণ-পূব এছিয়াৰে সৰ্ববৃহৎ অপৰাধী সাম্রাজ্য আছিল।
এই নিষিদ্ধ সাম্রাজ্য গঢ়ি উঠিছিল বহু অট্টালিকাৰে। অট্টালিকাবোৰৰ মাজে মাজে আছিল বিভিন্ন খাদ্য সম্ভাৰৰ বিপণীও। এইসমূহত ভিৰ কৰিছিল দেশ-বিদেশৰ বহু কুখ্যাত অপৰাধীয়ে। ম্যানমাৰৰ সামৰিক জুণ্টাৰ মতে, এই নিষিদ্ধ সাম্রাজ্যত কমেও কে’বা লক্ষ লোক আছিল। ইয়াৰে কমেও এক লাখ লোকক অপৰাধী চক্রই সৰবৰাহ কৰি আনি এই নিষিদ্ধ সাম্রাজ্যত আবদ্ধ কৰি ৰাখিছিল।
সন্দেহ কৰা হৈছে যে এই নিষিদ্ধ সাম্ৰাজ্যৰ পৰা পলায়ন কৰাসকলে বিশ্বৰ আন কোনো স্থানত অপৰাধৰ বিপণী মুকলি কৰিছে। অভিযানৰ প্ৰাকক্ষণত এই নিষিদ্ধ সাম্ৰাজ্যৰ পৰা এহেজাৰৰো অধিক শ্রমিকেও পলায়ন কৰে। অৱশ্যে কমেও দুহেজাৰ শ্রমিকক ম্যানমাৰত সামৰিক বাহিনীয়ে আটক কৰে। সামৰিক বাহিনীয়ে সন্দেহ কৰা অনুসৰি অপৰাধী চক্ৰই কমেও ২০ হেজাৰ শ্রমিকক এই নিষিদ্ধ সাম্রাজ্যত আবদ্ধ কৰি ৰাখিছিল।
বিশেষজ্ঞসকলৰ মতে, কঠোৰ সামৰিক জুটাৰ অলক্ষিতে কে কে পার্ক নামৰ এই বিশাল নিষিদ্ধ সাম্রাজ্য গঢ়ি উঠে। এই সাম্রাজ্যক কেন্দ্ৰ কৰি চলা নিষিদ্ধ ব্যৱসায়ৰ মূল্য ভাৰতীয় মুদ্রাৰ হিচাপত লক্ষ কোটি টকা হ’ব বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে। কে কে পাৰ্কত বাহৰ পতা অপৰাধী চক্ৰই ড্ৰাগছ আৰু তেনে জাতীয় নিচাযুক্ত দ্রব্যবো ব্যৱসায় কৰিছিল। তদুপৰি আন কেতবোৰ অপৰাধী চক্রই অনলাইনৰ জৰিয়তে প্ৰৱঞ্চনাত নামিছিল। সাধাৰণতে এনে চক্রই লাখৰ পৰা কোটি টকাৰ প্ৰৱঞ্চনা কৰিছিল বিভিন্নজনক।
এনেদৰে এই অপৰাধী চক্ৰসমূহে ম্যানমাৰত একপ্ৰকাৰ সমান্তৰাল প্রশাসন গঢ়ি তুলিছিল। সূত্ৰৰ মতে, অনলাইন অপৰাধী চক্রই এ আই (কৃত্রিম বুদ্ধিমত্তা), ডীপফে’ক, আদিৰ দৰে শেহতীয়া প্রযুক্তি ব্যৱহাৰ কৰি বিশ্বজুৰি প্ৰৱঞ্চনাৰ জাল পেলায়। অনলাইনৰ মাধ্যমৰে পেলোৱা এনে প্ৰৱঞ্চনাৰ জালত ভৰি দিয়ে বিশ্বৰ ব্যৱস্থাৰে যোগাযোগ কৰে। একেদৰে ডীপফে’ক ব্যৱহাৰ কৰি ভিডিঅ’ কল কৰি বহুতক ফান্দত বন্দী কৰে। এনেদৰে ফান্দত পেলোৱাসকলৰ পৰা ন্যূনতম এক লাখ ৫৫ হেজাৰ ডলাৰ (ভাৰতীয় মুদ্ৰাৰ হিচাপত প্রায় ডেৰ কোটি টকা) কৈ প্ৰৱঞ্চনা কৰে।
এনেদৰে অপৰাধী সাম্ৰাজ্যৰ বিস্তাৰ ঘটাইছিল প্ৰৱঞ্চকে। যোৱা বছৰ অনলাইন প্ৰৱঞ্চনাৰ বিৰুদ্ধে চলোৱা তদন্তত পোহৰলৈ অহা অনুসৰি, এই নিষিদ্ধ সাম্ৰাজ্যৰ অবৈধ ব্যৱসায়ৰ মূল্য কমেও ছহেজাৰ কোটি টকা হ’ব। অৰ্থাৎ ম্যানমাৰৰ চৰকাৰী অৰ্থনীতিৰ এক সমান্তৰাল অর্থনীতিৰ গঢ় দিছিল এই নিষিদ্ধ সাম্রাজ্যই। ইয়ে অৱশেষত সামৰিক জুণ্টাক এই অপৰাধী চক্রসমূহক উৎখাত কৰিবলৈ বাধ্য কৰে।
