ভূমিকম্পৰ পাছত শান্ত জাপান!

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে জনজীৱন

IMG 20251209 144149

Earthquake ধ্বংসী ভূমিকম্পৰ পাছত সম্প্ৰতি শান্ত হৈ পৰিছে জাপান। সোমবাৰে নিশা ৭.৬ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছিল দেশখনৰ উত্তৰ অংশ। সমগ্ৰ জাপানত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়। অৱশ্যে মঙলবাৰে পুৱা এই সতৰ্কবাণী উঠাই লোৱা হয়।

যদিও জাপান প্ৰশাসনে দেশবাসীক সাৱধান হ’বলৈ পৰামৰ্শ দিছে। যদিও প্ৰথমটো ভূমিকম্পৰ পিছত আগন্তুক কেইদিনমানৰ ভিতৰত জাপানত বৃহৎ ভূমিকম্পৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰা হৈছিল, তথাপিও সোমবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১১:১৫ বজাত জাপানৰ উত্তৰ-পূব উপকূলত প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়।

জাপান বতৰ বিজ্ঞান সংস্থাই ততাতৈয়াকৈ হোকাইডো, আওমোৰি আৰু ইৱাটেৰ বাবে চুনামীৰ সতৰ্কবাণী জাৰি কৰে। সংস্থাটোৱে সকীয়াই দিছে যে ঢৌৰ উচ্চতা ১০ ফুট পৰ্যন্ত হ’ব পাৰে, যাৰ ফলত সমগ্ৰ জাপানত আতংকৰ সৃষ্টি হ’ব।

বতৰ সংস্থাটোৱে সকীয়াই দিছে যে ঢৌৰ উচ্চতা ১০ ফুট পৰ্যন্ত হ’ব পাৰে। সমগ্ৰ জাপানত আতংক বিয়পি পৰে, দুৰ্যোগ সাহায্য বাহিনীয়ে উপকূলীয় অঞ্চলসমূহ খালী কৰিবলৈ আৰম্ভ কৰে।

উল্লেখ্য যে,এই ভয়াবহ ভূমিকম্পৰ পাছত দেশখনৰ পাৰমাণৱিক প্লাণ্টত বিশেষ সাৱধানতা অৱলম্বন কৰা হৈছিল।

কিন্তু সোমবাৰে নিশাৰ পৰা জাপানত নতুনকৈ কম্পন হোৱা নাই। সাগৰত ২৭ ইঞ্চি পৰ্যন্ত ঢৌ বৃদ্ধি হোৱা দেখা গৈছে।

উল্লেখ্য যে সম্প্ৰতি জাপানত হোৱা ভূমিকম্পত কমেও ৩০ জন লোক আহত হৈছে। উত্তৰ জাপানৰ কেবাটাও অঞ্চলত ৰে’ল সেৱা বন্ধ কৰি দিয়া হৈছে, বেছিভাগ ৰে’ল দেৰিকৈ চলিছে।

পাৰমাণৱিক শক্তি কেন্দ্ৰসমূহৰ কোনো ক্ষতি হোৱা নাই বুলি জানিব পাৰি জনসাধাৰণে সকাহ পাইছে। ভূমিকম্পৰ পাছত বিদ্যুৎ বিচ্ছিন্ন হৈছিল যদিও পৰৱৰ্ত্তী সময়ত পুনৰ বিদ্যুৎ যোগান ধৰা হয়।

Exit mobile version