Kaziranga National Park:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংযোজিত হ’ল ঘোঁৰা গাড়ী

ঘোঁৰা গাড়ীত উঠি পৰ্যটকে চাব পাৰিব কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য,কাজিৰঙাত বাঘৰ সংখ্যা বৃদ্ধি ১০৪ টালৈ

tiger

Kaziranga National Park:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে হাতী চাফাৰী আৰু জীপ চাফাৰী ব্যৱস্থা অব্যাহত থকাৰ মাজতে এইবাৰ সংযোজিত হ’ল ঘোঁৰা গাড়ী ৷এতিয়াৰ পৰা ঘোঁৰা গাড়ীত উঠি পৰ্যটকে চাব পাৰিব কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য ৷ একেদৰে অৰ্কিড পাৰ্কতো চলিব ঘোঁৰা গাড়ী।

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বাঘৰ সংখ্যা। বৰ্তমানলৈকে উদ্যান খনত বাঘৰ সংখ্যা ১০৪টা লৈ বৃদ্ধি পাইছে ৷ গহীন -গম্ভীৰ খোজেৰে বিচৰণ কৰি থকা বনৰজাক পৰ্যটকে প্ৰায়ে দেখিবলৈ পাই আনন্দিত হৈ পৰা পৰিলক্ষিত হয় ৷

Exit mobile version