Sadou Assam Karmachari Parishad:
ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৷ পুৰণিপেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তনৰ দাবীত দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে পৰিষদৰ প্ৰধান সম্পাদক পংকজ বৰ্মনে ৷
অহা ২৪ ডিচেম্বৰৰ পৰা ১ ফেব্ৰুৱাৰী পৰ্যন্ত ৰূপায়ণ কৰিব আন্দোলনৰ কাৰ্যসূচী। সেই অনুসৰি ২৪ ডিচেম্বৰত কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত আঞ্চলিক কমিটি সমূহে এনপিএছ বাতিল কৰি অপিএছ প্ৰৱৰ্তনৰ দাবীত মুখ্যমন্ত্ৰীলৈ সম জিলা আৰু জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰিব স্মাৰকপত্ৰ ৷ একেদৰে ২জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ প্ৰতিখন শিক্ষানুষ্ঠানৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু অন্যান্য চৰকাৰী বিভাগৰ কৰ্মচাৰীয়ে গণ স্বাক্ষৰ কৰি নিজ নিজ বিভাগৰ মুৰব্বীক জমাৰ সমান্তৰালভাৱে প্ৰতিবাদ সভা অনুষ্ঠিত কৰিব।
আনহাতে ২৮ ৰ পৰা ৩১জানুৱাৰীলৈ প্ৰতিখন জিলা সদৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিব কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত জিলা গোট সমূহে ৷ ১ফেব্ৰৱাৰীত প্ৰতি গৰাকী কৰ্মচাৰীয়ে ক’লাবেজ লগাই ক’লা দিৱস পালন কৰিব ৷ একেদৰে জিলা সদৰত মটৰ চাইকেল ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিব কৰ্মচাৰী পৰিষদে।
উল্লেখ্য যে এক ফেব্ৰুৱাৰীত এন পিএছ প্ৰবৰ্তন কৰিছিল চৰকাৰে ৷ সেয়েহে এই দিনটোতে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ থিৰাং কৰে সদৌ অসম কৰ্মচাৰী পৰিষদে ৷




































