Kaziranga:✒️শগুন প্রকৃতিৰ জামাদাৰ। লাহে লাহে কাজিৰঙাত শগুনৰ সংখ্যা কমি অহাটো উদ্বেগৰ বিষয়। এতিয়া কাজিৰঙাত লাহিঠোঁটিয়া আৰু পাতি শগুন মুকলি কৰাৰ বাতৰিটো সঁচাকৈয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে এক ইতিবাচক খবৰ।’ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অঞ্চলত ৩৫কৈ শগুন মুকলি কৰাৰ খবৰৰ পাছতে আজি এই প্রসংগত এনেদৰে মন্তব্য কৰে প্ৰকৃতিপ্রেমী মুৰুলী বৰাই।
উল্লেখ্য যে প্রকৃতি আৰু জীৱকুলৰ সংৰক্ষণৰ দিশত এক প্রশংসনীয় পদক্ষেপ হিচাপে ৰাজ্যৰ বাণী অঞ্চলত এই শগুন সংৰক্ষণ প্রজনন কেন্দ্ৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন অঞ্চললৈ ৩০টা পাতি শগুনৰ লগতে পাঁচটাকৈ লাহিঠোঁটীয়া শগুন আনি মুকলি কৰাৰ প্ৰস্তুতি চলাইছে উদ্যান কর্তৃপক্ষই। মঙলবাৰে এই কথা প্রকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী ঘোষে।
ইফালে, এই খবৰ প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ সামাজিক মাধ্যমযোগে সন্তুষ্টি প্রকাশ কৰি কয়,’আমাৰ প্ৰকৃতি আৰু জীৱকুলৰ সংৰক্ষণৰ দিশত অনন্য পদক্ষেপ হিচাপে ৰাণীৰ শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনত ৩০টা পাতি শগুন আৰু পাঁচটা লাহী ঠোঁটীয়া শগুন মুকলি কৰা হ’ব। পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত এই পক্ষীৰ ভূমিকা সর্বজনবিদিত আৰু আমাৰ এই পদক্ষেপে বন্যপ্রাণী সংৰক্ষণত আমাৰ ভূমিকাক আকৌ এবাৰ প্রতীয়মান কৰিব। এই মহৎ কৰ্মৰ আঁৰৰ প্ৰতিগৰাকী ব্যক্তিক আন্তৰিকতাৰে শলাগ লৈছো।’
উল্লেখ্য যে পাতি শগুন শগুনৰ বিভিন্ন প্রজাতিৰ ভিতৰত এটা উল্লেখযোগ্য প্রজাতি। ৯০ৰ দশকলৈকে ই দক্ষিণ-পূব এছিয়াত বহুলভারে বিস্তৃত হৈ আছিল। ১৯৮৫ত এই চৰাইবিধক বিশ্বৰ ভিতৰতে আটাইতকৈ সৰহীয়াকৈ পোৱা মাংসভোজী চৰাইৰ প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছিল যদিও পৰৱৰ্তী কালত বিশেষকৈ ১৯৯২ৰ পৰা ২০০৭ৰ ভিতৰত ইয়াৰ ৯৯.৯ শতাংশ মৃত্যুমুখত পৰে। ফলস্বৰূপে ইয়াক বর্তমান সংকটজনকভাবে বিলুপ্তপ্রায় প্রজাতিসমূহৰ মাজত ঠাই দিয়া হৈছে আৰু সংৰক্ষণৰ বাবে বিভিন্ন প্রচেষ্টা হাতত লোৱা হৈছে। পাতি শগুন মধ্যমীয়া আকাৰৰ, নোমবিহীন মূৰ আৰু ডিঙি, বহল ডেউকা আৰু চুটি ফিছাৰ এটা শগুনৰ প্ৰজাতি। পূর্ণবয়স্ক শগুনৰ পৃষ্ঠদেশ বগা, দেহৰ বাকী অংশ ক’লা। মূৰত গুলপীয়া আভা থকা দেখা যায়। ইয়াৰ পোৱালি দেখিবলৈ অলপ ডাঠ ৰঙৰ হয় আৰু পূর্ণবয়স্ক পাতি শগুনৰ দৰে ৰং পাবলৈ ইয়াক কমেও চাৰি-পাঁচ বছৰ লাগে। জিৱাইপিচি গোটৰ অন্তৰ্গত শগুনসমূহৰ ভিতৰত ই আটাইতকৈ সৰু আকাৰৰ শগুন। ইয়াৰ দেহৰ ওজন ৩.৫ৰ পৰা ৭.৫ কিলোগ্রাম, দৈর্ঘ্য প্রায় ৭৫১ পৰা ন ছেন্টিমিটাৰ হয়।
পাতি শগুনে ভাৰত, পাকিস্তান, নেপাল আৰু দক্ষিণ-পূব এছিয়াত মানুহৰ জনবসতিৰ আশে-পাশে ওখ গছত বাহ সাজি বাস কৰে। ই সাধাৰণতে এটাকৈ কণী পাৰে। ই এক থলুৱা শগুনৰ এক থলুৱা প্ৰজাতি। ৯০ৰ দশকৰ আগলৈকে ভাৰতৰ গংগাৰ সমতল ভূমিত এই প্রজাতিটো প্ৰচুৰভাৱে দেখা পোৱা গৈছিল। ইয়াক সেয়ে ভাৰতত পোৱা শগুনৰ প্রজাতিসমূহৰ ভিতৰত আটাইতকৈ বেছিকৈ পোৱা প্ৰজাতি বুলিও আখ্যা দিয়া হৈছিল। ৯০ৰ দশকৰ আগলৈকে ইহঁতক অনাৱশ্যকীয় বুলি গণ্য কৰা হৈছিল।
বিশেষকৈ উৰাজাহাজত খুন্দিয়াই দুর্ঘটনাত পতিত কৰা ঘটনাবোৰৰ বাবে ই সমস্যাজনক চৰাই বুলি পৰিগণিত হৈ পৰিছিল। কিন্তু ১৯৯০ৰ ভিতৰত ই কিছু কিছু অঞ্চলত সম্পূর্ণভাৱে বিলুপ্ত হৈ পৰে। মূলতঃ নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ই বাহ সাজে। জানুৱাৰীত কণী পাৰে। মতা চৰাইটোৱে বাহ সাজিবৰ বাবে মাইকীজনীক গছৰ ঠানি আনি দিয়ে। একেলগে ওচৰা-উচৰিকৈ একাধিক বাহ থাকিব পাৰে। কণী পৰাৰ পূৰ্বে বাহত সেউজীয়া পাত থৈ সজায় লয়।
এবাৰত এটাকৈ কণী পাৰে। ইয়াৰ বৰণ নীলা-সেউজীয়াৰ পৰশ থকা বগা হয়। কণী পৰাৰ পাছত ৩০-৩৫ দিন উমনি দিয়াৰ পাছত পোৱালি জগে। মাক-দেউতাকে পোৱালিক মৰাশৰ মাংস খুৱায়। পোৱালি জন্মৰ পৰা প্ৰায় তিনি মাহ পর্যন্ত বাহত থাকে। লাহীঠোঁটিয়া শগুনৰ ঠোঁটৰ আকাৰ সৰু বা মিহি বাবেই ইয়াক লাহিঠোঁটিয়া শগুন বুলি অভিহিত কৰিছে। এই দুয়োটা শগুন প্রজাতিয়েই আইচিইউএনৰ ৰঙা তালিকাভুক্ত। অর্থাৎ ই বিলুপ্তপ্রায় পক্ষীৰ তালিকাভুক্ত। এয়া যিয়েই নহওক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত এই দুই শগুন প্ৰজাতিৰ মুকলিক লৈ প্রকৃতিপ্রেমীৰ মাজত উৎসাহ দেখা পোৱা গৈছে।
