Mumbai :✒️মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত যোৱা ৩৬ দিনত ৮২ টা শিশু সন্ধানহীন হ’ল। সন্ধানহীন হোৱা শিশুৰ মাজত সর্বাধিক হৈছে কন্যা সন্তান। মুম্বাই আৰক্ষীয়ে এই তথ্য সদৰী কৰিলে।
আনহাতে, দেশৰ বাণিজ্যিক ৰাজধানীত পহিলা জুনৰ পৰা ছয় ডিচেম্বৰলৈকে ১৩৪ নাবালক সন্ধানহীন হৈছিল আৰু ইয়াৰে সৰ্বাধিক কন্যা সন্তান।
৩৬ দিনত মুম্বাইত ৬০ গৰাকী কন্যা সন্তান সন্ধানহীন হ’ল। আনহাতে, ১৩৪ সন্ধানহীন হোৱা নাবালকৰ ৮৬ গৰাকী হৈছে কন্যা সন্তান।
জুনত মুম্বাইত সর্বাধিক ২৬ শিশু সন্ধানহীন হৈছিল আৰু আটাইকেইটা শিশু কন্যা আছিল। জুলাইত ২৫টা শিশু সন্ধানহীন হৈছিল আৰু ইয়াৰে ১৫টা কন্যা আছিল। একেদৰে আগষ্টত ১৯ সন্ধানহীনৰ ১৪ আছিল কন্যা সন্তান। ছেপ্টেম্বৰত ১৫ কন্যাসহ ২১ টি শিশু আৰু অক্টোবৰত সাত কন্যাসহ ১৯ শিশু সন্ধানহীন হৈছিল।






























