হঠাৎ ভাঙি পৰিল দুটা অট্টালিকা!

ভয়ংকৰ দুৰ্ঘটনাত কমেও ১৯ জন লোকৰ মৃত্যু

IMG 20251210 172954

Morocco :✒️মৰক্কোত ভয়ংকৰ দুৰ্ঘটনা। ভাঙি পৰিল দুটা অট্টালিকা।ধ্বংসাৱশেষৰ তলত কমেও ১৯জন লোকৰ প্ৰাণ যোৱাৰ উপৰিও আহত হৈছে কেবাজনো লোক। যুদ্ধকালীন তৎপৰতাত চলিছে উদ্ধাৰ অভিযান।

মঙলবাৰে মাজনিশা মৰক্কোৰ অন্যতম জনপ্ৰিয় আৰু জনবহুল চহৰ ফেজত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।হঠাৎ ভাঙি পৰে চাৰি মহলীয়া দুটা অট্টালিকা ।

তথ্য অনুসৰি জৰাজীৰ্ণ বহুমহলীয়া ভৱনটোত আঠটা পৰিয়ালে বাস কৰিছিল।দীৰ্ঘদিন ধৰি অট্টালিকাটোৰ প্ৰতি গুৰুত্ব নিদিলে ৰাইজে।

ফলাফল ভয়ংকৰ। ঘটনাৰ কিছু সময়ৰ পাছতে নিৰাপত্তা বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়।

বহুমহলীয়া অট্টালিকাটোৰ তলত আবদ্ধ হৈ থকা বাসিন্দাসকলক উদ্ধাৰৰ প্ৰচেষ্টা আৰম্ভ হৈছে। ইতিমধ্যে ১৬ জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হৈছে। উদ্ধাৰ হৈছে ১৯জন লোকৰ মৃতদেহ।

সংবাদ সংস্থা ৰয়টাৰৰ মতে, প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে বহুমহলীয়া অট্টালিকাটোত ফাট মেলিছিল, যিবোৰ দেখিও আওকাণ কৰিছিল। অতি বিপদজনক অৱস্থাত অট্টালিকাটোত বাস কৰিছিল আঠটা পৰিয়াল।।

Exit mobile version