Odisha:✒️ওড়িছাৰ কোনাৰ্কৰ বিশ্ব বিখ্যাত সূর্য মন্দিৰৰ গর্ভ গৃহৰ বালিক লৈ ৰহস্যৰ অন্ত নাই। সম্প্রতি ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)-এ এই বালি আঁতৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভকৰিছে। এএছআয়ে প্রকাশ কৰা অনুসৰি, আজিৰ পৰা সূর্য মন্দিৰৰ গৰ্ভ গৃহৰ বালি আঁতৰোৱাৰ কাম আৰম্ভ হৈছে।
উল্লেখ্য যে ইয়াৰ পূর্বে ১৯০৩ তে মন্দিৰৰ গৰ্ভ গৃহ বন্ধ কৰা হয়। তেতিয়াৰ পৰা বন্ধ থকা এই গর্ভ গৃহ সুদীর্ঘ ১২২ বছৰৰ মূৰত খোল খালে। মন্দিৰৰ গর্ভ গৃহৰ ভিতৰত কি আছে স্বাভাৱিকতে তাক লৈ ৰহস্যৰ অন্ত নাই। পুৰাতাত্ত্বিক জৰীপৰ চলিত অধ্যয়নে এই ৰহস্যৰ অৱসান ঘটাব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে ২০১৯ত এক জৰীপত পোহৰলৈ আহে যে গৰ্ভ গৃহৰ ভিতৰত বালিৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে। ফলত বালিৰ স্তূপ আৰু মন্দিৰৰ কাঠামোৰ মাজত ১৭ফুট দূৰত্বৰ সৃষ্টি হয়। ইয়ে মন্দিৰৰ ক্ষতি কৰাৰ আশংকাও প্রকট হয়। উক্ত জৰীপ কৰে কেন্দ্রীয় অট্টালিকা গৱেষণা প্রতিষ্ঠান (চিবিআৰআই)-এ।
জৰীপৰ অন্তত এই প্রতিষ্ঠানে পৰামৰ্শ আগবঢ়ায় যে গৰ্ভ গৃহৰ ১৭ ফুট স্থানত নতুন বালি ভৰোৱা উচিত। পুৰণি সমস্ত বালি আঁতৰোৱাৰ বিকল্পও পৰামৰ্শও চিবিআৰআয়ে আগবঢ়ায়। সেই অনুসৰি গৰ্ভ গৃহৰ বালি আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে এএছআয়ে।
উল্লেখ্য যে ত্রয়োদশ শতিকাত নির্মিত এই মন্দিৰৰ আভ্যন্তৰৰ যি গৃহ বালিৰে ভৰ্তি হৈ আছে সেই গৃহৰ নাম জগমোহন। সূত্রই জনোৱা মতে, সোমবাৰে সন্ধিয়া মন্দিৰৰ মাজভাগৰ পশ্চিম দিশৰ দেৱালত ন মিটাৰৰ জোখত ৰন্ধ কৰা হয়।
এই খনন এনেদৰে কৰা হৈছে যে কোনো কম্পন সৃষ্টি নহয়। খননৰ ফলত কম্পন সৃষ্টি হ’লে পকী দেৱালৰ ক্ষতিৰ আশংকা কৰি এনে সতর্কতা অৱলম্বন কৰা হৈছে। সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মন্দিৰৰ পশ্চিম দিশত চাৰি ফুট চাৰি ফুটৰ সুৰংগ সৃষ্টি কৰি ভিতৰৰ বালি আঁতৰোৱাৰ কাম আৰম্ভ হৈছে।
এই কাম ১০ জনীয়া এটা বিশেষজ্ঞ দলৰ তত্ত্বাৱধানত চলিছে। উল্লেখ্য যে ২০২০ৰ ফেব্ৰুৱাৰীত কোনাকৰ সূৰ্য মন্দিৰে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি অর্জন কৰে। সম্প্ৰতি মন্দিৰৰ জগমোহনৰ পৰা বালি আঁতৰোৱাৰ কথা কেন্দ্ৰীয় মন্ত্রী প্রহ্লাদ সিং পেটেলেও প্রকাশ কৰিছে। এই সম্পর্কত এএছআইক সতর্কতাৰে বালি আঁতৰাবলৈ কোৱা হৈছে বুলিও প্ৰহ্লাদে সদৰী কৰিছে।
