Amazon:✒️ভাৰতত বৃহৎ বিনিয়োগৰ দিশে আগবাঢ়িছে আমাজন।মঙলবাৰে ই-কমাৰ্চৰ সংস্থাটোৱে ঘোষণা কৰে যে ২০৩০ চনৰ ভিতৰত ভাৰতত সংস্থাৰ সকলো ধৰণৰ ব্যৱসায়ত ৩৫ বিলিয়ন ডলাৰতকৈ অধিক (ভাৰতীয় মুদ্ৰাত ৩১ লাখ কোটি) বিনিয়োগ কৰিব।
আমাজনে তৰফৰ পৰা এই ঘোষণাত জনোৱা হৈছে, কৃত্ৰিম বুদ্ধিমত্তা (AI), ৰপ্তানি বৃদ্ধি আৰু কৰ্ম সংস্থাপনৰ ওপৰত গুৰুত্ব দিব।উল্লেখ্য যে,কোম্পানীটোৱে ইতিমধ্যে এই দেশত ৪০ বিলিয়ন ডলাৰতকৈ অধিক বিনিয়োগ কৰিছে।
তথ্য অনুসৰি বিগত ১৫ বছৰত আমাজনে ভাৰতত কৰা প্ৰায় ৪০ বিলিয়ন ডলাৰৰ বিনিয়োগৰ ভিত্তিত এই নতুন বিনিয়োগ পৰিকল্পনা। নতুন দিল্লীত অনুষ্ঠিত হোৱা ষষ্ঠ আমাজন সম্ভৱ শীৰ্ষ অনুষ্ঠানত এই নতুন বিনিয়োগৰ কথা ঘোষণা কৰা হয়।
এই অনুষ্ঠানত কনচালটিং ফাৰ্ম কীষ্টোন ষ্ট্ৰেটেজিয়ে ভাৰতত আমাজনৰ অৰ্থনীতিৰ ওপৰত এক প্ৰতিবেদন প্ৰকাশ কৰে। ইয়াত কোৱা হৈছে যে কোম্পানীটো ভাৰতৰ সৰ্ববৃহৎ বিদেশী বিনিয়োগকাৰী হিচাপে পৰিগণিত হৈছে, আন্তঃগাঁথনি উন্নয়ন, কৰ্মচাৰীৰ বাবে আৰ্থিক সহায়কে ধৰি বিনিয়োগ বৃদ্ধি পাইছে।
ই-কমাৰ্চৰ সৰ্ববৃহৎ ৰপ্তানিকাৰক আৰু দেশৰ সৰ্ববৃহৎ নিয়োগকৰ্তা বুলি দাবী কৰে।
প্ৰসংগক্ৰমে ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰত আন এটা বিদেশী কোম্পানী মাইক্ৰ’ছফটে বৃহৎ বিনিয়োগ কৰিবলৈ সাজু হৈছে।






























