Dibrugarh Girl missing:ডিব্ৰুগড় চহৰৰ মাজ মজিয়াৰ পৰা সন্ধানহীন এগৰাকী যুৱতী

dibrugarh

Dibrugarh Girl missing:

ডিব্ৰুগড় চহৰৰ মাজ মজিয়াৰ পৰা এগৰাকী যুৱতী সন্ধানহীন হোৱাক লৈ অঞ্চলটোত ৰহস্যৰ সৃষ্টি। যোৱা ২৫ নৱেম্বৰত নিজৰ কৰ্ম স্থানৰ পৰা ঘৰলৈ যোৱা পথতে নোহোৱা হল ডিব্ৰুগড় চহৰৰ কদমনি কে.চি. গগৈ পথৰ নিৱাসী বৰষা গোপ নামৰ এগৰাকী ১৯ বছৰীয়া যুৱতী। আৰক্ষীৰ কাষ চাপি কোনো তথ্য নাপাই ভগ্নী সহ পিতৃ মাতৃয়ে নিজৰ সন্তানক বিচাৰি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত এটা অসহায় পৰিয়াল।

উল্লেখ্য যে, যোৱা ২৫ নৱেম্বৰত নিজ গৃহ কাষতে অৱস্থিত ৰিয়ান ষ্টোৰ নামৰ বিপনী খনৰ পৰা ওলাই গৈছিল নিজ গৃহ অভিমুখে যুৱতী গৰাকী । কিন্তু ঘৰত গৈ উপস্থিত হোৱা নাছিল যুৱতী গৰাকী। পৰিয়ালৰ লোকে সম্পৰ্কীয় সকলো লোকৰ সৈতে খবৰ কৰি কোনো খবৰ নাপাই আৰক্ষী কাষ চাপি ডিব্ৰুগড় গাভৰু পথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল পৰৱৰ্তী সময়ত।

ইফালে আজি পৰ্য্যন্ত কোনো শুং সূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে যুৱতী গৰাকী নিৰুদ্দেশ হোৱাৰ। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে সাংবাদ মাধ্যমৰ জৰিয়তে সহায় বিচাৰিলে।

Exit mobile version