KHARGHULI:
মহানগৰীৰ খাৰঘূলিৰ জয়পুৰত ভয়ংকৰ অঘটন ৷ ব্ৰহ্মপুত্ৰত সন্ধানহীন ৫ জন লোক I তিনিজনক উদ্ধাৰ কৰি সংকট অৱস্থাত ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷
খাৰঘূলিৰ ভক্তি কুটীৰ মন্দিৰলৈ গৈছিল ৮ লোক ৷ ইয়াৰ পিছতে আটাইয়ে পূজা- অৰ্চনা কৰিবলৈ জয়পুৰ অঞ্চলৰ ব্ৰক্ষপুত্ৰত নামিছিল ৷ কিন্ত আঠজনৰ পাঁচজন নদীৰ বুকুত সন্ধানহীন হৈ পৰাৰ বিপৰীতে বাকী তিনিজনক নৈৰ বুকুত ককবকাই থকা অৱস্থাত স্থানীয়লোকে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ প্ৰেৰণ কৰে জিএমচিএছলৈ ৷ চিকিৎসালয়লৈ প্ৰেৰণ কৰা তিনিজনৰ ভিতৰত দুজনৰ নাম উপেশ কুমাৰ আৰু উপেন কুমাৰ ৷ তেওঁলোক উলুবাৰীস্থিত ইস্কন মন্দিৰৰ আবাসী ৷ সন্দেহ কৰা মতে আঠজনেই ইস্কন মন্দিৰৰ আবাসী ৷
