যাত্ৰীসকলৈ সকাহ ! ১০ হাজাৰ টকাৰ বৃহৎ ৰেহাই ঘোষণা ইণ্ডিগ’ৰ

IMG 20251211 163749

IndiGo:✒️তিনি ডিচেম্বৰৰ পৰা পাঁচ ডিচেম্বৰলৈ বিমান বন্দী হৈ থকা যাত্ৰীসকলক যথেষ্ট সকাহ দিয়াৰ কথা ঘোষণা কৰিছে ইণ্ডিগ’ই।বিগত তিনি ডিচেম্বৰৰ পৰা পাঁচ ডিচেম্বৰলৈ বিমান বিপৰ্যয় বাবে ভয়াৱহ সমস্যাৰ সন্মুখীন হোৱা যাত্ৰীসকলৰ বাবে ১০ হেজাৰ টকাৰ অতিৰিক্ত ভাউচাৰ ঘোষণা কৰিছে বিমান সংস্থাটোৱে।

ইতিমধ্যে বাতিল হোৱা বিমানৰ টিকটৰ ধন ঘূৰাই দিয়া হৈছে। এইবাৰ ইণ্ডিগ’ই আৰু অধিক ক্ষতিপূৰণ দিয়াৰ পথত আগবাঢ়িছে।

যোৱা সপ্তাহত ইণ্ডিগ’ই ধাৰাবাহিক বিমান সেৱা বাতিল কৰি সাধাৰণ জনতাৰ বাবে অপৰিসীম কষ্টৰ সৃষ্টি কৰিছিল।

আঠ দিনৰ ভয়াৱহ বিপৰ্যয়ৰ অন্তত অৱশেষত কেন্দ্ৰীয় চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিদিনে ইণ্ডিগ’ৰ বিমান সেৱাৰ দহ শতাংশ কৰ্তন কৰা হৈছে।

এনে পৰিস্থিতিত ইণ্ডিগ’ কৰ্তৃপক্ষই যাত্ৰীক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত অধিক সক্ৰিয় হৈ পৰিছে।যথেষ্ট লোকচানৰ সন্মুখীন হোৱা যাত্ৰীসকলৰ বাবে ঘোষণা কৰা হৈছে ১০ হেজাৰ টকা পৰ্যন্ত মূল্যৰ ভাউচাৰ।

বৃহস্পতিবাৰে ইণ্ডিগ’ই এক বিবৃতি প্ৰকাশ কৰি কয় যে যিসকল যাত্ৰীৰ বিমান যাত্ৰাৰ ২৪ ঘণ্টা পূৰ্বে বাতিল কৰা হৈছে তেওঁলোকক ক্ষতিপূৰণৰ ভাউচাৰ দিয়া হ’ব।

পাঁচ হেজাৰৰ পৰা ১০ টকালৈকে ৰেহাই দিয়া হ’ব। বিমানৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি ভাউচাৰৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ’ব। যাত্ৰীসকলে অহা ১২ মাহৰ ভিতৰত ইণ্ডিগ’ৰ বিমান বুকিং কৰি টিকটৰ মূল্যত এই ৰেহাইৰ সুবিধা ল’ব পাৰিব।

অৱশ্যে বিমান বাতিল হোৱা সকলো যাত্ৰীক এই ভাউচাৰ দিয়া নহ’ব। যিসকলে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকেহে এই ভাউচাৰ লাভ কৰিব।

Exit mobile version