Donald Trump:✒️আমেৰিকাত স্থায়ীভাৱে বাস কৰিব বিচৰা ব্যক্তিসকলে এতিয়াৰে পৰা ‘ট্ৰাম্প গোল্ড কাৰ্ড’ বা ‘গোল্ড কাৰ্ড’ ভিছাৰ বাবে আবেদন কৰিব পাৰিব। এই ভিছাৰ কথা পূৰ্বে ঘোষণা কৰা হৈছিল ।
যোৱা ছেপ্টেম্বৰ মাহত এই সংশ্লিষ্ট নিৰ্দেশনাত স্বাক্ষৰ কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । বুধবাৰে আমেৰিকা প্ৰশাসনে এই ভিছা কাৰ্যকৰী কৰে। বুধবাৰৰ পৰা গোল্ড কাৰ্ড ভিছাৰ বাবে আবেদন দাখিল কৰিব পাৰিব।
‘গোল্ড কাৰ্ড’ ভিছাৰ সূচনা কৰি ট্ৰাম্পে কয়, “এইটো দেশৰ বাবে আৰু মোৰ বাবেও এক অতি ৰোমাঞ্চকৰ মুহূৰ্ত, কাৰণ আমি ট্ৰাম্প গোল্ড কাৰ্ড মুকলি কৰিছো।ছাইটটো (গোল্ড কাৰ্ড ভিছাৰ বাবে আবেদন কৰাৰ ৱেবছাইট) ৩০ মিনিটৰ পাছত লাইভ হ’ব।”
ট্ৰাম্পে উল্লেখ কৰে যে ‘গোল্ড কাৰ্ড’ ইমান দিনে প্ৰযোজ্য হৈ থকা গ্ৰীণ কাৰ্ড ভিছাৰ স’তে মিল আছে। অৱশ্যে তেওঁ লগতে কয় যে ‘গোল্ড কাৰ্ড’ৰ জৰিয়তে বহু অতিৰিক্ত সুবিধা লাভ কৰিব। কিন্তু ইয়াৰ বাবে আবেদনকাৰীয়ে ১০ লাখ মাৰ্কিন ডলাৰ (৮কোটি ৮০ লাখ ভাৰতীয় টকা) দিব লাগিব।
ট্ৰাম্পে জনাইছে যে, কোনো কৰ্মচাৰীয়ে যাতে দ্ৰুতভাৱে ভিছা লাভ কৰে তাৰ বাবে আমেৰিকাৰ কোম্পানীসমূহেও ২০ লাখ ডলাৰ (১৭কোটি ৬১ লাখ ভাৰতীয় টকাতকৈ অধিক) ব্যয় কৰিব পাৰে।
গোল্ড কাৰ্ড’ ভিছাৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰীয়ে প্ৰথমে ১৫,০০০ মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্রাত ১৩ লাখ ৪৮ হেজাৰ ৪৯৯ টকা) প্ৰচেছিং মাচুল দিব লাগিব।
আমেৰিকাৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্বত থকা আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগক দিয়া এই ধন ঘূৰাই দিয়া নহ’ব।
‘প্ৰচেছিং মাচুল’ দিয়াৰ পিছত আবেদনকাৰীৰ নথি-পত্ৰ পৰীক্ষা কৰা হ’ব। পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লে আবেদনকাৰীয়ে আমেৰিকাৰ কোষাগাৰত ‘উপহাৰ’ হিচাপে ১০ লাখ ডলাৰ জমা দিব লাগিব।






























