Arunachal Accident:অৰুণাচলৰ হাইলঙত শোকাৱহ পথ দুৰ্ঘটনা

পাহাৰৰ পৰা বাগৰি খাৱৈত পৰিল ডাম্পাৰ, অসমৰ ২২জন শ্ৰমিকৰ মৃত্যু

arunachal

Arunachal Accident:

চুবুৰীয়া পাৰ্বত্য ৰাজ্য অৰুণাচল প্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা ৷ পাহাৰৰ পৰা তলত পৰিল শ্রমিক কঢ়িওৱা ডাম্পাৰ। থিতাতে নিহত ডাম্পাৰ খনৰ আৰোহী ২২জনকৈ অসমৰ শ্ৰমিক ৷ দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰ খনত আছিল ২৩ জনকৈ শ্ৰমিক। স্থানীয় লোকে  জীৱন্তে উদ্ধাৰ কৰে বুদ্ধেশ্বৰ দীপ নামৰ শ্ৰমিকজনক ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ কৰিছে ১৩ শ্ৰমিকৰ মৃতদেহ ৷ আন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰৰ বাবে অব্যাহত আছে উদ্ধাৰ অভিযান ।

Exit mobile version