Fake Doctor Arrested: পল্টন বজাৰ আৰক্ষীৰ জালত মুন্নাভাই BAMS. MD

dd

Fake Doctor Arrested:

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ভুৱা চিকিৎসকৰ দপদপনি ৷ য’তে ত’তে মুন্নাভাই ৰূপী ভুৱা চিকিৎসকে সংগোপনে অব্যাহত ৰাখিছে চিকিৎসা সেৱা ৷ এইবাৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰাই আটক হ’ল এজন ভুৱা চিকিৎসক ৷ দীৰ্ঘদিন ধৰি ৰিহাবাৰীত গুৱাহাটী আয়ুর্বেদ ভৱন নামৰ এখন চেম্বাৰ খুলি ৰোগীক চিকিৎসা কৰিছিল ডা: সুমন ভট্টাচার্জী নামৰ ভুৱা চিকিৎসক জনে ৷ চেম্বাৰৰ ফলকত BAMS. MD. (AYUSH) চিকিৎসক বুলি নিজকে চিনাকি দি আহিছিল ডা: সুমনে ৷

কিন্ত শেহতীয়াকৈ বৰপেটাৰ এগৰাকী ৰোগীক ভুল চিকিৎসা কৰাৰ পিছত চিকিৎসকজনৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আহে ৷ ভুক্তভোগী ৰোগীজনে পল্টন বজাৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৰিহাবাৰীস্থিত নিজৰ চেম্বাৰৰ পৰাই গ্ৰেপ্তাৰ কৰে।

Exit mobile version