Opium seized in Bokajan:
অসম-নাগালেণ্ড সীমান্তৱৰ্তী পুৰণা লাহৰিজানত আৰক্ষীৰ বৃহৎ সফলতা Iডিলাই আৰক্ষীৰ নিয়মীয়া তালাচীত নিশা ছয় মাইলত জব্দ বৃহৎ পৰিমাণৰ কানি I
ইম্ফলৰ পৰা পঞ্জাৱৰ দিশে গৈ থকা PB 04 AE 7627 আৰু PB 03 BL 2975 নম্বৰৰ দুখন ছয় চকীয়া ট্ৰাকত জব্দ বৃহৎ পৰিমাণৰ কানি I ট্ৰাক দুখনৰ পৰা আৰক্ষীয়ে ৩১ টা পেকেটত মুঠ ২৫.৩১ কিঃগ্ৰাঃ কানি জব্দ কৰিবলৈ সক্ষম হয় I জব্দকৃত কানিখিনি সৰবৰাহকাৰীয়ে ট্ৰাক দুখনৰ টুল বক্সত গোপন কক্ষ সাজি কৌশলেৰে লুকুৱাই সৰবৰাহৰ চেষ্টা কৰিছিল I
তালাচীৰ সময়তে এখন গাড়ীৰ এটা হেণ্ডিমেন যোগ বুজি পলাই গৈছিল যদিও আৰক্ষীয়ে খেদি গৈ তাক কৰায়ক্ত কৰিবলৈ সক্ষম হয় I আনহাতে, গাড়ী দুখনৰ চালকে তালাচীৰ সময়ত আৰক্ষীক ৫০ হাজাৰ টকাৰ প্ৰলোভন দিবলৈও চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে I
ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ট্ৰাক দুখনৰ চালক পঞ্জাৱৰ পাৰ্গত সিং, সন্দীপ সিং যগৰাজ সিং আৰু গুৰচৰণ সিঙক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে I জব্দকৃত কানিখিনিৰ বজাৰমূল্য প্ৰায় ১ কোটি ৩০ লাখ টকা বুলি অনুমান কৰা হৈছে I




































