Cattle Seizure:
ডিমৌ আৰক্ষী জালত চোৰাং গৰু সৰবৰাহ কৰা কন্টেইনাৰ ট্ৰাক ৷ বিশেষ খবৰৰ ভিত্তিত ডিমৌ আৰক্ষীয়ে ৰাজমাইৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন কন্টেইনাৰ ট্ৰাকত তালাচী চলাই প্ৰায় ৭৯টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত গৰু কেইটা অৰুণাচল বৰডুমচাৰ পৰা নগাঁৱলৈ নি থকা হৈছিল ৷ আৰক্ষীয়ে এই সন্দৰ্ভত কন্টেইনাৰ ট্ৰাক দুখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰে ৷ আৰক্ষীৰ জেৰাত দুই চালকে গৰু কেইটা অৰুণাচলৰ বৰডুমচা বজাৰৰ পৰা কিনি অনা বুলি উল্লেখ কৰে যদিও তাৰ কোনো তথ্য প্ৰমাণ দিব দাঙি ধৰিব পৰা নাই ৷
ADVERTISEMENT



































