আজি ১২ ডিচেম্বৰ! আজি দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট 

images 3

আজি ১২ ডিচেম্বৰ। প্ৰত্যেক অসমীয়াই অতি আগ্ৰহেৰে ৰৈ আছিল আজিৰ দিনটোলৈ।

প্ৰায় ৮৩ দিন হ’ল আজি জুবিন বিহীন অসমৰ।বিগত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰৰ বুকুত কি ঘটিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগত সেই উত্তৰ আজি সকলোৱে পাব।

জুবিন গাৰ্গৰ নামৰ এই বিশাল সত্তা নোহোৱা হোৱাটো আজিও অসমীয়াই মনে প্ৰাণে গ্ৰহণ কৰিব পৰা নাই । ছিংগাপুৰত সেই দিনটোত কি হৈছিল তাৰ আঁৰৰ সত্য পোহৰলৈ অহাটো এতিয়া অসমৰ কোটি কোটি জনতাৰ বাবে প্ৰাথমিকতা ৷

প্ৰায় চাৰে তিনি কোটি অসমৰ জনগণে ১৯ ছেপ্টেম্বৰ দিনটোত হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগত কি ঘটিছিল তাৰে উত্তৰ পোৱাৰ আশাৰেই বাট চাই আছে ।

আজি অসমৰ চৰকাৰে জুবিনৰ মৃত্যুৰহস্য ভেদ কৰিবৰ বাবে গঠন কৰি দিয়া অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ যোৱা প্ৰায় আঢ়ৈ মাহজোৰা কৰ্মযজ্ঞৰ ফলাফল ঘোষণাৰ সময় ৷

আজি কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এছআইটিয়ে দাখিল কৰিব অভিযোগনামা ৷ ১৮/২০২৫ নং গোচৰত প্ৰায় তিনিশ লোকৰ সাক্ষ্য গ্ৰহণৰ অন্ততঃ ৭০০০ পৃষ্ঠাৰ এক চাৰ্জশ্বীট সাজু ৷

Exit mobile version