ছেন ফ্রান্সিস্কোত চালকহীন গাড়ীৰ চমক : গৰ্ভৱতী মহিলাই গাড়ীত জন্ম দিলে সন্তান, ৱেম’ই নিজে লৈ গ’ল চিকিৎসালয়লৈ

images 1 1

San Francisco:✒️আমেৰিকাৰ ছেন ফ্রান্সিস্কোত চালকহীন ৱেম’ ৰ’ব’ টেক্সিয়ে সকলোকে চমকিত কৰিলে। ৱেম’ই এগৰাকী গৰ্ভৱতী মহিলাক টেক্সিৰ ভিতৰত সন্তান প্ৰসৱ কৰাৰ পাছতে জৰুৰীকালীন পৰিস্থিতিৰ অনুমান কৰি গাড়ীখন চিকিৎসালয়লৈ লৈ যায়।

ইয়াৰ পাছতে চালকহীন গাড়ীখনৰ পৰা চিকিৎসালয়ৰ কৰ্মীয়ে সন্তান প্ৰসৱ কৰা মহিলাগৰাকীক সন্তানসহ চিকিৎসালয়ৰ ভিতৰলৈ লৈ যায়।

ৰ’ব’ টেক্সিৰ এই কাণ্ডই সকলোকে মুগ্ধ কৰিলে। উল্লেখ্য যে বর্তমানে আমেৰিকা, ব্রিটেইন আদি দেশত চালকহীন গাড়ীৰ জনপ্রিয়তা বৃদ্ধি পাইছে। ইমানদিনে চালকহীন গাড়ীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ নেতিবাচক অভিযোগ উত্থাপন হৈ আহিছিল।

চালকহীন গাড়ীয়ে ছেন ফ্রান্সিস্কোত পূর্বে এটা বিখ্যাত মেকুৰীক চেপি হত্যা কৰিছিল। আৰক্ষীৰ সম্মুখৰে অবৈধভাবে ইউটার্ণ লৈ চালকহীন গাড়ীয়ে পলায়ন কৰাৰ অভিযোগো উঠিছিল।

কিন্তু এইবাৰ ৱেম’ ৰ’ব’ টেক্সিয়ে এক ইতিবাচক ভূমিকাত অবতীর্ণ হৈ চালকহীন গাড়ীৰ গুৰুত্ব প্ৰমাণ কৰিলে। রেম’ৰ ৰ’ব’ টেক্সিত সন্তান প্রসৱ কৰা মহিলাগৰাকীয়ে উক্ত গাড়ীত উঠি ইউনিভাৰচিটি অৱ কেলিফ’র্ণিয়াৰ ছেন ফ্রান্সিস্কো মেডিকেল চেন্টাৰলৈ গৈ থকাৰ সময়তে প্রসব বেদনা অনুভৱ কৰিছিল আৰু স্বয়ংচালিত গাড়ীতে তেওঁ সন্তানটো জন্ম দিছিল।

ৱেম’ৰ মুখপাত্রই জনোৱা অনুসৰি, কোম্পানীৰ ৰাইডাৰ সহায়ক গোটে উক্ত গাড়ীৰ ভিতৰত অস্বাভাৱিক গতিবিধিৰ তথ্য লাভৰ পাছতে উক্ত মহিলাৰ স’তে সম্পৰ্ক কৰিছিল আৰু লগতে ৯১১ (জৰুৰীকালীন সেৱা)ক সতৰ্ক কৰি দিছিল। ইয়াৰ পাছতে বেম’খনে চিকিৎসালয় অভিমুখে ৰাওনা হৈছিল।

চিকিৎসালয়ৰ সম্মুখত গাড়ীখন ৰখাৰ পাছত চিকিৎসালয়ৰ নিৰাপত্তাৰক্ষীয়ে গাড়ীৰ পৰা সন্তানসহ মহিলাগৰাকীক চিকিৎসাৰ বাবে লৈ যায়।

Exit mobile version