বিশ্ব বেংকৰ অসমতো প্রতিবেদন ২০২৬ প্ৰকাশ 

Inequality

দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিক লৈ নৰেন্দ্ৰ মোদী চৰকাৰে কৃতিত্ব দাবী কৰাৰ সময়তে এক উদ্বেগজনক তথ্য প্রকাশ কৰিছে বিশ্ব বেংকে। বিশ্ব বেংকৰ শেহতীয়া তথ্য অনুসৰি দেশত – কেৱল চহকী আৰু অতি চহকীসকলৰহে সম্পদ বা আয়হে বৃদ্ধি পাইছে।

আনকি চলিত বৰ্ষত দেশৰ নিম্ন আয়ৰ ৫০ শতাংশ লোকে কৰা আয়ৰ পৰিমাণ ৰাষ্ট্ৰীয় আয়ৰ মাথোঁ ১৫ শতাংশহে। ইয়াৰ বিপৰীতে শীর্ষ ১০ শতাংশ চহকীৰ আয়ৰ পৰিমাণ ৰাষ্ট্ৰীয় আয়ৰ প্রায় ৫৮ শতাংশ। বাকী ২৭ শতাংশ আয় কৰে মধ্যম পৰ্যায়ৰ চহকীসকলে। এনেদবে অতি চহকী আৰু চহকীসকলে কৰা আয়ৰ পৰিমাণ ৰাষ্ট্ৰীয় আয়ৰ ৮৫ শতাংশ।

লক্ষ্যণীয় যে কেৱল আয়ৰ ক্ষেত্রতে নহয়, সম্পদৰ ক্ষেত্ৰতো দেশত প্রচণ্ড অসমতাৰ সৃষ্টি হৈছে। বিশ্ববেংকৰ তথ্য অনুসৰি সম্প্রতি ভাৰতৰ এক শতাংশ অতি চহকীয়ে সম্পদৰ ৪০ শতাংশতে অধিকাৰ সাব্যস্ত কৰিছে; অর্থাৎ চহকী আৰু অতি চহকীসকলৰহে সম্পদ বৃদ্ধি পাই আছে।

কাজেই এই তথ্যই প্রতিপন্ন কৰে যে দেশত বর্তমানেও এক বৃহৎ সংখ্যক লোকে জীবন প্রবর্তাই ৰখাৰ বাবে কঠোৰ সংগ্রামত নিমগ্ন থাকিবলগীয়া হৈছে। দৈনন্দিন প্রয়োজনীয়তা পুৰণৰ স্বাৰ্থত ধাৰ-ঋণতো বহুজন ভাৰাক্ৰান্ত হৈছে। আয়ৰ এই অসমতাই ভাৰতত সম্প্রতি এক ‘ওপৰ গধুৰ অৱস্থাৰ সৃষ্টি কৰিছে। শীর্ষ সম্পদশালী অথবা চহকীসকল বিপুল ধন-ঐশ্চর্যব গৰাকী হৈছে। এইসমূহ উদ্বেগজনক তথ্য শেহতীয়াভারে বিশ্ব বেংকে প্রকাশ কৰা বিশ্ব আর্থিক অসমতা প্রতিবেদন ২০২৬ৰ জৰিয়তে পোহৰলৈ আহিছে। লক্ষ্যণীয়ভাবে ভাৰতৰ দুই চুবুৰীয়া দেশ বাংলাদেশ আৰু চীনত আয় অধিক ভাৰসাম্যযুক্ত হোৱা দেখা গৈছে। অর্থাৎ এনে দেশসমূহত সবাতোকৈ চহকীসকলে আয়ৰ সিংহভাগ দখল কৰিব পৰা নাই। সাধাৰণ লোকেও সামর্থ অনুযায়ী আয়ৰ ভাগ পাবলৈ সক্ষম হৈছে। অর্থাৎ আয়ৰ অসমতা প্রতিৰোধত কিঞ্চিত হ’লেও এনে দেশসমূহ সক্ষম হৈছে। একপ্রকাৰ আয়ৰ সমবিতৰণ ঘটিছে। ইয়াৰ বিপৰীতে ভাৰতকে ধৰি একাংশ দেশত ‘ওপৰ গধুৰ’ অৱস্থাৰ সৃষ্টি হৈছে। আয়ৰ অসমতা বৃহৎ হৈ পৰা এনে দেশৰ মাজত থাইলেণ্ড আৰু তুবন্ধও আছে।

তদুপৰি একালত কমিউনিষ্ট শাসন থকা ৰাছিয়া (পূৰ্বৰ ছোভিয়েট ইউনিয়ন) তো ‘ওপৰ গধুৰ অৱস্থাৰ সৃষ্টি হৈছে বুলি বিশ্ব বেংকৰ উক্ত প্রতিবেদনত কোৱা হৈছে।

বিশ্ব বেংকৰ উক্ত প্রতিবেদনত লগতে এই বুলিও আঙুলিয়াই দিয়া হৈছে যে চলিত বর্ষত বিশ্বৰ সম্পদৰ ৭৫ শতাংশই শীর্ষ ১০ শতাংশ সম্পদশালীৰ দখললৈ যায়। বাকী ২৫ শতাংশ সম্পত্তি ৯০ শতাংশ লোকৰ মাজত বিতৰণ হয়। এই ৯০ শতাংশৰে ৪০ শতাংশ হৈছে মধ্যবিত্ত। এই ৪০ শতাংশ মধ্যবিত্তৰ দ্বাৰা ২৩ শতাংশ সম্পদ হস্তগত হয়। ফলত বাকী ৫০ শতাংশ জনসংখ্যাৰ ভাগত মাথোঁ দুই শতাংশ সম্পদহে পৰিছে।

গতিকে আর্থিক ক্ষেত্রত সাম্প্রতিকবিশ্বৰ এক শোচনীয় ছবি এই প্রতিবেদনে স্পষ্ট কৰিছে। ইয়াৰ দ্বাৰা স্পষ্ট হয় বিশ্বৰ মুঠ জনসংখ্যাৰ ১০ শতাংশৰ জীবন ধাৰণৰ মান কেনে শোচনীয় অবস্থাত আছে। উল্লেখ্য যে আয়ৰ অসমতাক লৈ ২০১৮ৰ পৰা বিশ্ব বেংকে এই প্রতিবেদন প্রকাশ কৰি আহিছে। ‘৯০ দশকৰ পৰা চহকী-অতি চহকীৰ মাজত বছৰি আঠ শতাংশকৈ বৃদ্ধি বিশ্ব বেংকৰ বিশ্ব অসমতা প্রতিবেদন ২০২৬ অনুসৰি সমগ্র বিশ্বত ১৯৯০ৰ দশকৰ পৰা চহকী আৰু অতি চহকীসকলৰ সম্পদ বছৰি প্রায় আঠ শতাংশকৈ বৃদ্ধি পাই আহিছে।

এই বৃদ্ধিৰ হাৰ আৰ্থিক ক্ষেত্ৰত তলৰফালে থকা বিশ্বৰ আধা জনসংখ্যাৰ সম্পদ বৃদ্ধিৰ হাবৰ দুগুণ। ফলত সম্প্রতি বিশ্ব জনসংখ্যাৰ মাথোঁ ০.০০১ শতাংশ অর্থাৎ প্রায় ৬০ হেজাৰ অতি চহকী বা অর্বুদপতিয়ে বিশ্বৰ মুঠ জনসংখ্যাৰ সম্পদতকৈ তিনিগুণ অধিক সম্পদ নিয়ন্ত্রণ কৰিব পৰা হৈছে।

এই নগণ্য সংখ্যক চহকী লোকৰ বিশ্ব সম্পদব ওপৰত অধিকাৰ ১৯৯৫ৰ প্রায় চাবি শতাংশৰ পৰা সম্প্রতি ছয় শতাংশলৈ বৃদ্ধি পাইছে। ফলত সমগ্র বিশ্বত এখন অসমান জগতৰ সৃষ্টি হৈছে। চহকী আৰু অতি চহকীসকল নিতৌ অধিক সম্পদশালী হৈ থকাৰ বিপৰীতে দবিদ্রসকলৰ অবস্থা শোচনীয় হ’বলৈ ধৰিছে।

এনেদৰে অতি চহকীসকল এক অকল্পনীয় বিত্তীয় ক্ষমতাৰ অধিকাৰী হৈছে। ইয়াৰ বিপৰীতে শ শ কোটি লোকে প্রাথমিক আর্থিক সুৰক্ষাৰ বাবে বর্তমানেও সংগ্রাম কৰি থাকিবলগীয়া হৈছে। উল্লেখ্য যে কৰ কৰ্তনৰ পূৰ্বে এজন ব্যক্তিয়ে যি আর্থিক উপার্জন কৰে তাক আয় বোলা হয়।

চলিত ২০২৫ৰ বছৰটোত বিশ্বৰ সবাতোকৈ চহকী ১০ শতাংশ লোকে বৈশ্বিক আয়ৰ ৫৩ শতাংশই লাভ কৰে। আনহাতে, মধ্যম আর্থিক অবস্থাৰ ৪০ শতাংশ লোকে ৩৮ শতাংশ আৰু বিশ্ব জনসংখ্যাৰ আধা তথা ৫০ শতাংশ লোকে মাথোঁ আঠ শতাংশহে আয় কৰিবলৈ সক্ষম হয়।

বিশ্বত আয়ৰ অসমতাৰ ছবি বিশ্ব বেংকৰ মতে বিশ্বত অঞ্চল বা মহাদেশ অনুসৰি আয়ৰ অসমতাৰ ছবি সুকীয়া। এজন ব্যক্তিৰ জন্মস্থানেও তেওঁৰ আয়ৰ অৱস্থা নির্ধাৰণ কৰে। বিশ্ববেংকৰ উক্ত প্রতিবেদনত দেখা গৈছে যে চলিত বর্ষৰ উত্তৰ আমেৰিকা আৰু অস্ট্রেলিয়া মহাদেশ বিশ্বৰ ভিতৰতে সবাতোকৈ সম্পদশালী অঞ্চলত পৰিণত হয়।

অর্থাৎ এই অঞ্চলৰ লোকে চলিত বর্ষত বিশ্বৰ গড়তকৈ অধিক সম্পদ আহবণ কৰে। বৰ্ষটোত এই অঞ্চলৰ লোকৰ সম্পদ আহৰণ বিশ্বব গড়তকৈ ৩৩৮ শতাংশ অধিক হয়। বর্ষটোত অঞ্চলটোৰ লোকৰ আয়ো বিশ্বৰ গড়তকৈ ২৯০ শতাংশ অধিক হয়। ইয়াৰ পাছতে ইউৰোপ আৰু পূব এছিয়াই স্থান লাভ কৰিছে।

উক্ত প্রতিবেদনত লগতে দেখা গৈছে যে অস্ট্রেলিয়া, কানাডা, জার্মানী,জাপান আদি উন্নত দেশসমূহত আয়ব অসমতা মধ্যম পর্যায়ত আছে। সামগ্রিকভাবে ইউৰোপৰ দেশসমূহত আয় ভাৰসাম্যযুক্ত দেখা গৈছে। উদাহৰণস্বৰূপে ছুইডেন আৰু নৰৱেত আর্থিক দিশত তলৰ ফালে থকা ৫০ শতাংশ লোকে মুঠ আয়ৰ ২৫ শতাংশ দখল কৰিছে। ইয়াৰ বিপৰীতে এই দেশসমূহৰ ১০ শতাংশ সবাতোকৈ চহকীৰ আয় হৈছে ৩০ শতাংশতকৈ কম।

ফলত আয়ৰ ক্ষেত্ৰত এই দেশসমূহত এক ভাৰসাম্যযুক্ত অবস্থাৰ সৃষ্টি হৈছে। বিশ্বৰ সবাতোকৈ অসমতাৰ দেশ উল্লেখ্য যে বিশ্বব ভিতৰত সবাতোকৈ সম্পদৰ অসমতা থকা দেশৰ স্থান পুনৰ দখল কৰিছে দক্ষিণ আফ্রিকাই। দেশখনৰ সবাতোকৈ চহকী ১০ শতাংশ লোকে কুক্ষিগত কৰিছে ব্যক্তিগত সম্পদব ৮৫ শতাংশ। ফলত বাকী ৯০ শতাংশ লোকৰ হাতত থকা সম্পদৰ পৰিমাণ মাথোঁ ১৫ শতাংশহে। অর্থাৎ সম্পদতকৈ বহু লোকৰ ঋণৰ পৰিমাণ বৃদ্ধি পাইছে।

Exit mobile version