Accident:
মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীত শুকুৰবাৰে দুপৰীয়া সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত হয় এটি পাঁচবছৰীয়া কণমানি। বিদ্যালয়ৰ পৰা মাতৃৰ স’তে স্কুটীৰে আহি অৱস্থাত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনাটি ৷ নিহত কণমানিটি হাতীগাঁওস্থিত লিটল ফ্লাৱাৰ স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ৷ কণমানিটিৰ আকস্মিক বিয়োগত শোকাহত হৈ পৰিছে সমগ্ৰ সিজুবাৰী অঞ্চলটি।
