CM Reactions:
হিয়াৰ আমঠু জুবিন গাৰ্গ মৃত্যু ঘটনাৰ তদন্তৰ ৭ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা আজি কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এছ আই টিয়ে দাখিল কৰাৰ পিছত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে তাৎক্ষণিক প্ৰতিক্ৰিয়া ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ দৰেই জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। সেই অনুসৰিয়ে আজি দাখিল কৰা হ’ল জুবিনৰ ঘটনাৰ অভিযোগনামা। এতিয়াৰ পৰা আদালতে ক্ষিপ্ৰতাৰে শুনানি গ্রহণ কৰি দোষীক উপযুক্ত শাস্তি দিব। ন্যায়ৰ প্ৰক্ৰিয়াক সকলোৱে সন্মান জনোৱা উচিত। কোনো অভিযুক্ত সাৰি যাব নোৱাৰে ৷ সকলোৱে শাস্তি লাভ কৰিব ৷
