মেছিক চাবলৈ এটা টিকটৰ দাম ১০ লাখ টকা! 

এই খবৰ লাভ কৰিয়ে নবান্না (ৰাজ্যিক সচিবালয়)ৰ পৰা প্ৰতিবেদন বিচাৰিছে ৰাজ্যপালগৰাকীয়ে 

WhatsApp Image 2025 12 13 at 12.46.45.jpeg

Lionel Messi:✒️শনিবাৰে পুৱা কলকাতাত অৱতৰণ কৰে লিয়নেল মেছিয়ে। তিনিদিনীয়া ‘গোট ট্যুৰ ইণ্ডিয়া’ৰ আৰম্ভণিতে কটকটীয়া নিৰাপত্তাৰ অধীনত বিমানবন্দৰৰ পৰা পোনে পোনে নিজৰ হোটেলত উপস্থিত হয় আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰগৰাকী(Lionel Messi GOAT Tour)।

তেওঁ কলকাতালৈ অহাৰ খবৰে সমগ্ৰ মহানগৰীত এক উন্মাদনাৰ সৃষ্টি কৰিছিল। মেছিৰ স’তে ভাৰতলৈ আহিছে তেওঁৰ দীৰ্ঘদিনীয়া সতীৰ্থ লুইছ ছুৱেৰেজ আৰু আৰ্জেণ্টিনাৰ সতীৰ্থ ৰড্ৰিগো ডি পল।

অৱশ্যে মেছিক লৈ সৃষ্টি হোৱা উৎসৱমুখৰ পৰিবেশৰ মাজতে টিকটৰ বিপুল মূল্যৰ বাবে সৃষ্টি হৈছে বিতৰ্ক।এই সন্দৰ্ভত পশ্চিম বংগৰ গৱৰ্ণৰ চি ভি আনন্দ বসুৱে ৰাজ্য চৰকাৰলৈ পত্ৰ লিখি বিতং প্ৰতিবেদন বিচাৰিছে।

লোকভৱনৰ এজন বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, বহু ফুটবল অনুৰাগীয়ে ৰাজ্যপালৰ ওচৰত অভিযোগ কৰিছে যে টিকটৰ দাম “অত্যধিক” হোৱাৰ বাবে তেওঁলোকে নিজৰ প্ৰিয় খেলুৱৈক দেখাৰ সুযোগ পোৱা নাই।

এই ভ্ৰমণত ৰাজ্য চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে ৰাজ্যপালগৰাকীয়ে। সাধাৰণ মানুহৰ আৱেগক শোষণ কৰি এজন বেচৰকাৰী ব্যক্তিক কিয় ধন ঘটাৰ অনুমতি দিয়া হৈছে বুলি তেওঁ প্ৰশ্ন ।

লোকভৱনৰ বিষয়াগৰাকীয়ে লগতে কয় যে তেওঁলোকে ফুটবল অনুৰাগীৰ পৰা ফোন আৰু ইমেইল লাভ কৰিছে, টিকটৰ দাম অকাশলঘী হোৱাৰ অভিযোগ।

এনে হোৱাৰ কাৰণ আৰু সাধাৰণ ৰাইজে মহানগৰীত থাকিও নিজৰ প্ৰিয় তাৰকাক চাব নোপোৱাৰ কাৰণ জানিব বিচাৰিছে ৰাজ্যপালে ।

ইফালে মেছিয়ে যুৱ ভাৰতী এৰি যোৱাৰ পাছত বিশৃংখলতাৰ সৃষ্টি হয়। টিকটৰ বাবে হেজাৰ হেজাৰ টকা দিও দৰ্শকে মেছিক চাব নোপোৱাৰ অভিযোগ।

মেছিয়ে মাত্ৰ ২৩ মিনিট খেলপথাৰত থাকিল। তাৰ পাছত তেওঁ ছল্ট লেক ষ্টেডিয়ামৰ পৰা ওলাই আহিল।

মেছি যুৱ ভাৰতীত থকা সমগ্ৰ সময়ছোৱাত তেওঁক এনেদৰে নিৰাপত্তাৰক্ষীয়ে ঘেৰি ধৰিছিল যে গেলেৰীৰ পৰা অহা দৰ্শকে এক মুহূৰ্তৰ বাবেও নিজৰ প্ৰিয় খেলুৱৈক চোৱাৰ সুযোগ নাপালে।

ইফালে নিৰাপত্তাৰক্ষীসকলো মেছিৰ স’তে চেলফি তোলাত ব্যস্ত হৈ পৰিছিল। ইয়াৰ পাছতে খেলপথাৰত চৰম বিশৃংখলতাৰ সৃষ্টি হয়। মেছিৰ অনুৰাগীয়ে গেলেৰীৰ পৰা বটল পেলোৱাৰ পৰা আৰম্ভ কৰি হৰ্ডিংলৈকে সকলো ফালি পেলায়।

Exit mobile version