Maharashtra:✒️মহাৰাষ্ট্ৰত চলিত বৰ্ষৰ প্ৰথম ন মাহত ৭৮১ জন কৃষকে আত্মহত্যা কৰে। ঋণৰ বোজা, শস্যৰ বেয়া, অত্যধিক বৰষুণ– ৰাজ্যখনৰ কৃষকসকলে বিভিন্ন কাৰণত নিজৰ জীৱন শেষ কৰিবলৈ বাধ্য হৈছে৷
বৃহস্পতিবাৰে ৰাজ্যৰ বিধান পৰিষদত লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে ৰাজ্যখনৰ সাহায্য আৰু পুনৰ্বাসন মন্ত্ৰী মকৰন্দ যাদৱ (পাটিল)য়ে।চৰকাৰী তথ্য অনুসৰি সৰ্বাধিক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে বিদৰ্ভৰ নাগপুৰ সংমণ্ডলত।
চলিত বৰ্ষত তাত ২৯৬ জন কৃষকে আত্মহত্যা কৰিছে। মাৰাথৱাড়াত মৃত্যু হৈছে আৰু ২১২ জনৰ।এম এল চি সুধাকৰ আদৱালে, অশোক জগতাপ, অভিজিত ৱাঞ্জাৰী, ৰাজেশ ৰাথোৰ, ধীৰাজ লিংগাদে আদিয়ে পৰিষদত আত্মহত্যাৰ বৃদ্ধি পোৱা এই পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰে।
ইয়াৰ প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকৰ আত্মহত্যা ৰোধৰ বাবে জিলা পৰ্যায়ত কেবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নিশ্চিত কৰা, জলসিঞ্চনৰ সুবিধা বৃদ্ধি কৰা, শস্য বা কৃষিভূমি আৰু পশুধনৰ ক্ষতিৰ শীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰা, দুৰ্যোগৰ স’তে মোকাবিলা কৰা আদি অন্যতম।
ইয়াৰ পূৰ্বে জুলাই মাহত বিধান পৰিষদত আন এক প্ৰশ্নৰ উত্তৰত যাদৱে কৈছিল যে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মাৰ্চলৈকে মাত্ৰ তিনিমাহত মুঠ ৭৬৭জন কৃষকৰ আত্মহত্যাৰ ঘটনা নথিভুক্ত হৈছে, ইয়াৰে ২৫০টা ঘটনা কেৱল মাৰাথৱাড়া আৰু বিদৰ্ভত।
২০২৩ চনৰ এনচিআৰবিৰ শেহতীয়া তথ্যৰ উদ্ধৃতি দি মন্ত্ৰীগৰাকীয়ে কয় যে দেশত কৃষকৰ আত্মহত্যাৰ আধা অংশ মহাৰাষ্ট্ৰত সংঘটিত হয়। এই পৰ্যন্ত ৰাজ্যখনত ৬,৬৬৯ জন কৃষকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। ইয়াৰে ৪১৫০ জন কৃষক আৰু ২৫১৯ জন কৃষি শ্ৰমিক।
শেহতীয়াকৈ দিয়া উত্তৰত যাদৱে জনায় যে মুঠ ১০২টা আত্মহত্যাৰ গোচৰ চৰকাৰী ক্ষতিপূৰণৰ বাবে ‘যোগ্য’, ৬২টা ‘অযোগ্য’ আৰু ৮৬টা গোচৰৰ তদন্ত চলি আছে।
১০২টা যোগ্য পৰিয়ালৰ ভিতৰত ৭৭টা পৰিয়ালক এক লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে, আৰু বাকী পৰিয়ালসমূহক সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে।এই পৰিস্থিতি লৈ সংসদতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।






























