Dibrugarh:
বিশিষ্ট কন্ঠ শিল্পী তথা জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ একান্ত সাধক ভুবন গগৈলৈ ডিব্ৰু যুৱ ৰত্ন বঁটা। জনতাৰ শিল্পী লোহিত গগৈ লগতে বহু শিল্পীক লৈ গঠিত “মানুহে মানুহৰ বাবে” নামৰ অনুষ্ঠানটোৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে অনাতাঁৰ শিল্পী ভূৱন গগৈলৈ এই বটাঁ ঘোষণা। অহা ১৮ জানুৱাৰীত ধেমাজি জিলাৰ জীয়াঢলত অনুষ্ঠানটোৰ বাৰ্ষিক অধিবেশনত প্ৰদান কৰা হ’ব এই বটাঁ। একে অনুষ্ঠানতে বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ লগতে ছৈয়দ ছাদুল্লা আৰু বাঁহী বাদক দীপক শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠিত কৰিব বিশেষ কাৰ্যসূচী।
ADVERTISEMENT




































