Digboi College Diamond Jubilee Celebration Pressmeet:ডিগবৈ মহাবিদ্যালয় (স্বাঃ) ৰ হীৰক জয়ন্তী সমাহোৰৰ সামৰণি অনুষ্ঠান অহা ২০,২১ আৰু ২২ ডিচেম্বৰত

digboi

Digboi College Diamond Jubilee Celebration Pressmeet:

উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ডিগবৈ মহাবিদ্যালয় (স্বাঃ)ৰ হীৰক জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অহা ইং ২০,২১ আৰু ২২ ডিচেম্বৰত ৷

ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ হীৰক জয়ন্তী উপলক্ষে বৰ্ষজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰি অহা হীৰক জয়ন্তী সামৰণি অনুষ্ঠানটো বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ দিহা কৰিছে ৷

সামৰণি অনুষ্ঠানৰ ২২ ডিচেম্বৰত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ,সন্মানীয় অতিথি হিচাপে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকিব ৷

হীৰক জয়ন্তী সমাৰোহৰ লগতে সংগতি ৰাখি অনুষ্ঠিত কৰিবলৈ লৈছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মিলন সমাৰোহ । মহাবিদ্যালয় খনৰ পৰা ৰাজ্যৰ লগতে দেশৰ ভিন্ন স্হানত সিচঁৰিত হৈ থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মিলন সমাৰোহ খনিৰ বাবে পঞ্জীয়নৰ ব্যৱস্থা কৰিছে ৷

আগন্তুক ১৯ ডিচেম্বৰলৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক পঞ্জীয়ন কৰিবলৈ আহ্বান জনাই মহাবিদ্যালয়খনৰ হীৰক জয়ন্তী সমাৰোহ খনিৰ সামৰণি অনুষ্ঠানটো সফল ৰূপায়ণৰ ক্ষেত্ৰত সবৰ্তো প্ৰকাৰেৰে সহায় সহযোগীতাৰ কামনা কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷

Exit mobile version