Fraudsters arrested:প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰা প্ৰৱঞ্চক আৰক্ষীৰ জালত

এনএইচএমৰ বিষয়া বুলি পৰিচয় দি লুণ্ঠন কৰিছিল প্ৰৱঞ্চকজনে

kahili para

Fraudsters arrested:

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নিৱনুৱাৰ সংখ্যা ৷এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাইছে শিক্ষিত নিৱনুৱাৰ ৷ এনে নিবনুৱাৰ অসহায়তাৰ সূযোগ গ্ৰহণ কৰি প্ৰৱঞ্চক চক্ৰৰ টার্গেট হৈছে শিক্ষিত নিবনুৱা।

চৰকাৰী চাকৰিৰ দিয়াৰ নামত গুৱাহাটীত প্ৰৱঞ্চক চক্ৰই গঢ়ি তুলিছে বিশেষ নেটৱৰ্ক ৷ শেহতীয়াকৈ নিজনে এনএইছএমৰ জ্যেষ্ঠ বিষয়া বুলি পৰিচয় দি চাকৰিৰ দিয়াৰ নামত কেৰোনৰে লাখে লাখে ধন সংগ্ৰহ কৰা এটা মহা প্ৰৱঞ্চক অৱশেষত আৰক্ষীৰ জালত পৰে।

ছয় জন নিবনুৱাৰ পৰা ডেৰ-দুই লাখ টকাকৈ সংগ্ৰহৰ তথ্য লাভ কৰিছিল গুৱাহাটীৰ আৰক্ষীৰ অপৰাধ শাখাই ৷ অৱশেষত বিশেষ সূত্ৰৰ পমখেদি ক্ৰাইম বাঞ্চৰ আৰক্ষীয়ে অভিযান চলাই মহানগৰীৰ কাহিলিপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে সত্যম তালুকদাৰ নামৰ মহা প্ৰৱঞ্চকজনক ৷ প্ৰৱঞ্চকটোৰ বিৰুদ্ধে বিএনএছৰ অধীনত ৰুজু গোচৰ কৰিছে ক্ৰাইম বাঞ্চে ।

Exit mobile version