Retired Air Force officer arrested in Tezpur:
ঘৰ বিভীষণৰ ৰূপত অৱসৰ প্ৰাপ্ত বায়ুসেনাৰ বিষয়া ৷ পাকিস্তানৰ চোৰাংচোৱাৰে সম্পৰ্ক থকাৰ অভিযোগত তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অবসৰী বায়ুসেনাৰ বিষয়াজনক। তেজপুৰৰ পতিয়াস্থিত নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা বিষয়াজনৰ নাম কুলেন্দ্ৰ শর্মা
ADVERTISEMENT
আটকাধীন কুলেন্দ্ৰ শর্মাৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ কেতবোৰ গুৰুত্বপূৰ্ণ নথি-পত্র চিৰবৈৰী পাকিস্তানৰ চোৰাংচোৱাক যোগান ধৰাৰ অভিযোগ উদ্থাপিত হৈছিল।
আটকাধীন বায়ুসেনাৰ বিষয়া অৱসৰী বিষয়াজনক ইতিমধ্যে তেজপুৰ থানালৈ অনা হৈছে ৷ আজিয়ে স্বাস্থ্য পৰীক্ষা কৰি আদালতত হাজিৰ কৰাই নিজৰ জিন্মাত ল’ব তেজপুৰ আৰক্ষীয়ে। আৰক্ষীয়ে জিন্মাত লোৱাৰ পিছত জেৰা কৰিব শীৰ্ষ আৰক্ষী বিষয়াই ৷




































