Wild Elephant Attack in Hojai:
খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীজাকৰ পৰা বিচ্ছিন্ন এটা হাতীৰ আক্রমণত নিহত এগৰাকী বৃদ্ধা ৷ এই শোকাৱহ ঘটনা সংঘটিত হয় হোজাইৰ জৰাংপথাৰত ৷
ADVERTISEMENT
নিজ বাসগৃহৰ চোতালত নাতিয়েকৰ স’তে উমলি থকাৰ সময়ত এটা বনৰীয়া হাতীয়ে হঠাতে পিছফালৰ পৰা আক্ৰমণ কৰে ৷ হাতীৰ গছকত গুৰুতৰভাবে আহত বৃদ্ধা গৰাকীক ডিফুৰ চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে ৷ সৰবৰহী বৃদ্ধা গৰাকীৰ আকস্মিক মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ জৰাংপথাৰত ৷
উল্লেখ্য যে শীতৰ আগমনৰ লগে লগে হোজাইৰ কেতবোৰ অঞ্চলত খাদ্যৰ সন্ধানত বিচৰণ কৰা বন্যহস্তীৰ জাঁকে উপদ্ৰৱ চলাই আহিছে যদিও এইক্ষেত্ৰত বন বিভাগৰ লোকে সময়োচিত পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে ৷




































