Zubeen Garg:✒️জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ কেৱল অসমীয়া ছবি জগততে সহজে ভংগ নোহোৱা অভিলেখ স্থাপন কৰাই নহয়, নিৰ্মাণ ব্যয়ৰ বিপৰীতে সর্বাধিক উপাৰ্জন কৰা ভাৰতৰ চলিত বৰ্ষৰ সফল ছবিৰ শীৰ্ষ ১০ৰ তালিকাতো স্থান পাবলৈ সক্ষম বিনালে হৈছে। যোৱা ৩১ অক্টোবৰত মুক্তি লাভ কৰা ছবিখনে শনিবাৰে ৪১ দিন অতিক্রম কৰে। পাঁচ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ছবিখনে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৩৪.৯১ কোটি টকা।
সকলো কৰ আৰু অন্যান্য ব্যয় বাদ দি ছবিখনৰ লাভৰ পৰিমাণ হ’ল ২৯.৫৯ কোটি টকা। ইয়াৰ পূৰ্বে সৰ্বাধিক সফল অসমীয়া ছবিখন আছিল ‘বিদুৰভাই’। এই ছবিখনে ১৫.৭৫ কোটি টকা উপাৰ্জন কৰিছিল।
চলিত বৰ্ষত ভাৰতীয় ছবিৰ ব্যৱসায়িক সফলতাৰ তথ্য প্রকাশ কৰিছে চলচ্চিত্র বিশেষজ্ঞ মহলে। ছবিৰ নিৰ্মাণ ব্যয় আৰু তাৰ বিপৰীতে বক্স অফিচত উপাৰ্জনৰ তুলনাৰে ‘ৰৈ ৰৈ বিনালে’ এই তালিকাত নৱম স্থানত আছে। প্রথম স্থানত আছে গুজৰাটী ছবি ‘লালো’। মাত্র ৫০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা ছবিখনে এতিয়ালৈকে উপাৰ্জন কৰিছে ৬০.৯০ কোটি টকা। দ্বিতীয় স্থানত আছে কানাড়া ছবি ‘ছু ফ্রম ছো’।
৪.৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ছবিখনৰ উপাৰ্জনৰ পৰিমাণ হ’ল ৯২.৩৩ কোটি টকা। তৃতীয় স্থানত আছে হিন্দী ছবি ‘মহাভাৰত নৰশ্বিমহা’। ১৫ কোটি টকা বাজেটেৰে নিৰ্মিত ছবিখনে উপার্জন কৰিছে ২৪৭.৯৬ কোটি টকা। চতুর্থ স্থানত আছে দুই কোটি টকা ব্যয়ৰে নিৰ্মাণ তেলুগু ছবি ‘লিটল হার্টছ’। ছবিখনে উপার্জন কৰিছে ২৬.৪৭ কোটি টকা।
পঞ্চম স্থানত আছে ৪৫ কোটি টকা ব্যয়ৰে নিৰ্মিত হিন্দী ছবি ‘ছায়াৰা’। ছবিখনৰ উপাৰ্জনৰ পৰিমাণ হ’ল ৩৩৭.৬৬ কোটি টকা। ষষ্ঠ স্থানত আছে তিনি কোটি টকা ব্যয়ৰে নিৰ্মিত উড়িআ ভাষাৰ ‘বৌ বুট্ট ভুতা’। ছবিখনে উপাৰ্জন কৰিছে ১৬.১৭কোটি টকা। সপ্তম স্থানত আছে মালায়ালম ভাষাৰ ৩০ কোটি টকা ব্যয়ৰে নির্মিত ‘ল’কা চেপ্টাৰ’।
ছবিখনৰ উপাৰ্জনৰ পৰিমাণ ১৫৫.৯৪ কোটি টকা। অষ্টম স্থানত আছে কানাড়া ছবি ‘কান্তাৰা’। ১২৫ কোটি টকা বাজেটেৰে নিৰ্মিত ছবিখনে উপাৰ্জন কৰিছে ৬২১.৩৫ কোটি টকা। দশম স্থানত আছে পাঁচ কোটি টকাৰে নিৰ্মিত মাৰাঠী ছবি ‘দশাৱতাৰ’। ছবিখনৰ উপাৰ্জন হ’ল ২৪.১৮ কোটি টকা। ব্যৱসায়িক সফল ছবিৰ এই তালিকাই আন এক দিশকো প্রতিফলিত কৰিছে। আঞ্চলিক ভাষাৰ ছবিৰ জয়জয়কাৰ এই তালিকাই স্পষ্ট কৰিছে।






























