Burmese cigarettes seized:
কাছাৰৰ কাটিগড়াত বুজন পৰিমাণৰ বার্মিজ চিগাৰেট জব্দ ৷গুমড়া আৰক্ষীৰ এটা টহলকাৰী দলে বিশেষ খবৰৰ ভিত্তিত কালাইন লক্ষীচৰাৰত এখন ট্ৰাকত অৰ্তকিতে অভিযান চলাই ৮১ পেকেট বার্মিজ চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় ৷আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ এএছ০১-এম চি ৭৬৭৩ ৷
ADVERTISEMENT
আনহাতে আৰক্ষীয়ে জব্দকৃত ট্ৰাকখনৰ চালক গোৱালপাৰাৰ ডি ডি চাংমাক আটক কৰে ৷ জব্দকৃত বার্মিজ চিগাৰেটখিনিৰ বজাৰ মূল্য প্রায় ৬ লাখ টকা বুলি সদৰি কৰে আৰক্ষীয়ে।




































