Haryana :
হাৰিয়ানাৰ গুৰুগ্ৰামৰ এটা অভিজাত পৰিয়ালত বন কৰা মহিলাৰূপে থকাৰ সময়ত বকোৰ পুৰণা গাঁৱৰ গুলবানু বেগম নামৰ মহিলাগৰাকীয়ে ৬৫ লাখ টকা মূল্যৰ সোণ চুৰি কৰি জালত পৰিছে। গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁ জেৰাত প্ৰকাশ কৰা তথ্যৰ ভিত্তিত আজি গুৰুগ্ৰাম আৰক্ষীয়ে দক্ষিণ কামৰূপত অভিযান চলাই বেগমৰ দুজন সহযোগীকো গ্ৰেপ্তাৰ কৰে। ঘটনা সংক্রান্তত গুৰুগ্রাম আৰক্ষীয়ে ৬৫/২০২৫ আৰু ৩৫৫/২০২৫ নম্বৰত ৰুজু কৰা গোচৰত এই তিনিওকে গ্ৰেপ্তাৰ কৰিছে। বানুৰ সহযোগী দুজনৰ ঘৰ দক্ষিণ কামৰূপৰ গৰৈমাৰী আৰু সোণতলীত। ধৃতদ্বয়ৰ নাম হাইজুদ্দিন (২৮) আৰু সুৰৎ জামাল আলী (২২) বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এই তিনিওজনৰ সন্ধানত অহা গুৰুগাঁৱৰ আৰক্ষীৰ এটা দলক গৰৈমাৰী আৰক্ষীয়ে সহযোগ কৰে। ধৃত তিনিজনৰ পৰা আৰক্ষীয়ে পাঁচযোৰ সোণৰ কাণফুলি, ছযোৰ সোণৰ নাকফুলি, এডাল সোণৰ চেইন, সোণৰ দুটা চুলিত মৰা পিন, এডাল হীৰাৰ ব্ৰেচলেট আৰু অন্যান্য সোণৰ সামগ্ৰী উদ্ধাৰ কৰে




































