Nupur Bora:
পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে নিলম্বিত এচিএছ বিষয়া নূপুৰ বৰা ৷ বৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষত এজাহাৰ দাখিল কৰিছে বৰপেটাৰ জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তই। ইতিমধ্যে চিএম ভিজিলেন্সত এজাহাৰৰ ভিত্তিত ৩২/২৫ নম্বৰত ৰজু হৈছে গোচৰ ৷
ADVERTISEMENT
বৰপেটাত চিএম ভিজিলেঞ্চে অভিযান চলাই জব্দ কৰিছিল প্ৰায় সন্দেহজনক ৭০ গৰাকী ব্যক্তিৰ ভূমিৰ নথিপত্ৰ। এনেক্ষেত্ৰত পুনৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে নূপুৰ বৰাৰ ৷
উল্লেখ্য যে আয় বহিৰ্ভূত সম্পত্তি গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাৰুদ্ধ হৈ আছিল নূপুৰ বৰা ৷ অৱশ্যে শেহতীয়াকৈ জামিন লাভ কৰিছিল নিলম্বিত এচিএছ বিষয়া গৰাকী ৷




































