Mexico:✒️মেক্সিকোত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। জৰুৰীকালীন অৱতৰণৰ কৰিবলৈ গৈ এটা কাৰখানাৰ চাদত ভাঙি পৰিল বিমান। তাৰ পাছতে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়।
তথ্য অনুসৰি,এই পৰ্যন্ত এই দুৰ্ঘটনাত সাত জন লোকৰ মৃত্যু হোৱা হৈছে।ইতিমধ্যে সেই দেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
তথ্য অনুসৰি,বিমানখন ব্যক্তিগত জেট আছিল। সোমবাৰে বিমানখন আকাপুলকোৰ পৰা মেক্সিকো চহৰৰ টলুকা বিমানবন্দৰলৈ ৰাওনা হৈছিল।
সূত্ৰ অনুসৰি বিমানখন উৰণৰ কিছু সময়ৰ পিছতে কিছু যান্ত্ৰিক সমস্যাৰ সৃষ্টি হয়। ইয়াৰ পাছত পাইলটে দ্ৰুতগতিত জৰুৰীকালীন অৱতৰণ কৰাৰ সিদ্ধান্ত লয় আৰু তাৰ পাছতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা ।
আকাপুলকোৰ পৰা পাঁচ কিলোমিটাৰ দূৰত্বত অৱস্থিত ছান মাটিও আটেনকো উদ্যোগিক অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। সূত্ৰ অনুসৰি, জৰুৰীকালীন অৱতৰণৰ সময়ত বিমানখনে প্ৰথমে এটা কাৰখানাৰ চাদত থকা ধাতুৰ বস্তু এটাত খুন্দা মাৰে।
দুৰ্ঘটনাটোৰ পাছতে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়। সমগ্ৰ অঞ্চলটো নিমিষতে ক’লা ধোঁৱাই আগুৰি ধৰিলে। প্ৰচণ্ড শব্দ শুনি স্থানীয় ৰাইজে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়।
এই খবৰ পোৱাৰ লগে লগে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল দ্ৰুতগতিত সেই স্থানত উপস্থিত হয়।
মেক্সিকান আৰক্ষীৰ সূত্ৰ অনুসৰি বিমানখনত আঠজন যাত্ৰী আৰু দুজন ক্ৰু মেম্বাৰ আছিল। অৱশ্যে এই পৰ্যন্ত উদ্ধাৰ হৈছে সাতজন লোকৰ মৃতদেহ।






























