America:✒️আমেৰিকাত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। উত্তৰ কেৰ’লিনাত দুৰ্ঘটনাগ্ৰস্ত হয় এখন ব্যক্তিগত জেট। দুৰ্ঘটনাটোত মৃত্যু হৈছে সাত জনলোক। নিহতসকলৰ ভিতৰত আছে নাছকাৰৰ প্ৰাক্তন চালক গ্ৰেগ বিফেল। দুৰ্ঘটনাটোত তেওঁৰ পত্নী আৰু দুটা সন্তানেও প্ৰাণ হেৰুৱাইছে।
বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১০:০৬ বজাত ষ্টেটছভিল বিমানবন্দৰৰ পৰা বিমানখন যাত্ৰা আৰম্ভ হয় । অৱশ্যে উৰণৰ কিছু সময়ৰ পাছতে বিমানখন পুনৰ ৰাণৱেলৈ উভতি আহে যদিও অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ।
পুৱা প্ৰায় ১০:২০ বজাত ৰাণৱেত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ ফলত হোৱা বিস্ফোৰণত কঁপি উঠে সমগ্ৰ অঞ্চল।
তাৰ পাছতে বিমানখন দাউ দাউকৈ জ্বলি উঠে ।সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই আগুৰি ধৰে। ঘটনাস্থলীত উপস্থিত হয় বিমানবন্দৰৰ কৰ্মচাৰী।
এই খবৰ পোৱাৰ লগে লগে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। জুই নিৰ্বাপনৰ প্ৰচেষ্টা আৰম্ভ হয়।
বিমানখনত মুঠ সাতজন যাত্ৰী আছিল। এই দুৰ্ঘটনাত আটাইকেইজনৰ মৃত্যু হয়।






























