Cancer:✒️মাছ-মাংস আদি খাদ্য জলা-মছলা আদিৰে নাৰান্ধিলে, মুখত সোৱাদেই নালাগে। গতিকে তেল-জলা-মছলা আদিৰে মুখ ৰুচিকৰভাৱে তেনে খাদ্য তৈয়াৰ কৰা হয়। কিন্তু ইয়াৰ সামগ্রিক ফল? অজান্তেই পেটৰ দুৰৱস্থা। যকৃতৰো দুৰ্দশা হয়। পেটৰ যন্ত্ৰণা আৰম্ভ হয়। মাৰাত্মক ৰোগে বাহ লয়।
স্বাভাৱিকতে ভয় লাগিবৰে কথা। কিন্তু আপুনি যদি নিতৌ পুৱা খালী পেটত এফোটা নহৰু খালেহেঁতেন, তেন্তে ইমান ভয় কৰিবলগীয়া নাছিল। স্বয়ং স্বাস্থ্য বিশেষজ্ঞই এই কথা কয়। পুৱা খালী পেটত একোটাকৈ নহৰু খালে ক’লন কেন্সাৰ আৰু প্ৰ’ষ্টেট কেন্সাৰৰ সম্ভাৱনা ৫০ শতাংশ হ্রাস পায়।
সেইদৰে পেনক্রিয়াছ কেন্সাৰৰ সম্ভাৱনাও ৫৪ শতাংশ কমে। আনকি মহিলাৰ স্তন কৰ্কটৰ আশংকাও বহুখিনি হ্রাস পায়। এতিয়া প্রশ্ন হ’ল, নহৰুত আছে কি? বহুতে দুৰ্গন্ধৰ কাৰণে নহৰু, বিশেষকৈ কেঁচা নহৰু খাবলৈ বেয়া পায়। অথচ এই নহৰুতে আছে প্ৰচুৰ পৰিমাণৰ ছালফাৰ আৰ্জিনাইন, অলিগোছেকাৰাইছ, ফ্লেডনায়েডছ আৰু ছেলেনিয়াম।
১০০ গ্রাম খাদ্যোপযোগী নহৰুত থাকে ১৪৯ কেলৰি, ০.৫ গ্রাম চর্বি, ১৭ মিলিগ্রাম ছ’ডিয়াম, ৪০১ মিলিগ্রাম পটাছিয়াম, ৩৩.০৬ গ্রাম কার্ব’হাইড্রেট, এক গ্রাম শৰ্কৰা আৰু ৬.৩৬ গ্রাম ভিটামিন। স্বাস্থ্য বিশেষজ্ঞৰ মতে, কেৱল কৰ্কটেই নহয়, নানা প্ৰকাৰৰ বেক্টেৰিয়াৰ প্ৰৱেশ, জন্ম আৰু বংশ বিস্তাৰতো নহৰুৱে বাধা প্রদান কৰে।
শৰীৰ নিৰোগী কৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে এফোটা নহৰু। নহৰুৰ পৰা মানুহে লাভ কৰা অন্যান্য স্বাস্থ্য উপকাৰিতা হ’ল- স্ট্রোক আৰু হাৰ্ট এটেকৰ আশংকা হ্রাস কৰে; উচ্চ ৰক্তচাপৰ সমস্যা দূৰ কৰে, সাধাৰণ জুৰ আৰু শ্বাস-প্রশ্বাসৰ সমস্যাৰ পৰা ৰক্ষা কৰে, ছৰ্দিৰ পৰা সকাহ দিয়ে, হজমশক্তি বৃদ্ধি কৰে, কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে, চকুত ছানি পৰাৰ পৰা ৰক্ষা কৰে, মধুমেহ নিয়ন্ত্ৰণত সহায় কৰে, দাঁতৰ বিষ নিৰাময় কৰে, চৰ্মৰোগৰ পৰা শৰীৰক মুক্ত কৰি ৰাখে, ত্বক সতেজ কৰি ৰাখে, অনিদ্রা দূৰ কৰে, দীৰ্ঘম্যাদী কাহ আৰু ব্রংকাইটিছৰ সমস্যা নিয়ন্ত্ৰণ কৰি ৰাখে ইত্যাদি।






























