First Hearing of Jubeen Garg murder Case:আজি কামৰূপ চি জেএম আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি

আইন শৃংলাজনিত কাৰণত হ'ব ভার্চুৱেলীহে হ'ব ৭ অভিযুক্তৰ শুনানি

WhatsApp Image 2025 12 16 at 11.34.42 AM

First Hearing of Jubeen Garg murder Case:

আজি জুবিন গাৰ্গ হত্যা গোচৰৰ প্ৰথমটো শুনানি।আইন শৃংলাজনিত কাৰণত ভার্চুৱেলী হ’ব ৭অভিযুক্তৰ শুনানি। চিজেএমে কেৱল স্বাস্থ্যজনিত দিশবোৰহে নিৰীক্ষণ কৰিব৷ আনহাতে আদালতে আৰক্ষীৰ জৰিয়তে অভিযুক্তক দিযাৰ ব্যৱস্থা কৰিব চার্জশ্বীটৰ কপি ।

আনহাতে অভিযুক্ত সকল কচার্জশ্বীটৰ কপি দিবৰ বাবে ইতিমধ্যে এছআইটিৰ এটা বাক্সা কাৰাগাৰলৈ ৰাওনা হোৱাৰ বিপৰীতে এছআইটিৰ আন এটা দল ৰাওনা হৈছে হাফলং উপ-কাৰাগাৰলৈ ৰাওনা হৈছে ৷

উল্লেখ্য যে বাকসা নিকাচী কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে শ্যামকানু মহন্ত সিদ্ধার্থ শৰ্মা, সন্দীপন গার্গ, জুবিনৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা , পৰেশ বৈশ্য ৷ আনহাতে হাফলং উপ -কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্ত ৷

মনকৰিবলগীয়া যে চাৰি অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত সিদ্ধার্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্ত বিৰুদ্ধে বিএনএছৰ ১০৩ ধাৰাত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে ৷ ইয়াৰ বিপৰীতেজুবিনৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ আৰু জুবিনৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা , পৰেশ বৈশ্যৰ বিৰুদ্ধে বিএনএছৰ ১০৬ ধাৰা প্ৰয়োগ কৰা হৈছে ৷

আনহাতে নিৰাপত্তাজনিত কাৰণত আদালত চৌহদত আশেপাশে কটকটীয়া মোতায়েন কৰা হৈছে আৰক্ষী আৰু চিআৰপিএফৰ জোৱান।

Exit mobile version