Second Hearing 22 December:
জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট ১২ ডিচেম্বৰত এচআইটি- এ কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰাৰ পিচতে আদালতে শুনানিৰ বাবে আজি দিনটো ধাৰ্য কৰিছিল ৷ শুনানিৰ বাবে সাতোজন হ’ল অভিযুক্ত সোঁ- শৰীৰে উপস্থিত থাকিব লাগিছিল যদিও আইন শৃংখলা জনিত কাৰণত কাৰাগাৰৰ পৰাই ভিডিঅ কনফাৰেন্সযোগে উপস্থিত থাকে অভিযুক্ত সকল ৷ আজি তেওঁলোকক হাতত গতাই দিয়া হয় চাৰ্জশ্বীটৰ কপি ৷ পেইন ড্ৰাইভত থকা চাৰ্জশ্বীট এছআইটিৰ দলে সুকীয়া সুকীয়াকৈ বাকসা আৰু হাফলং কাৰাগাৰত উপস্থিত হৈ কাৰাৰুদ্ধ হৈ থকা সাতোজন অভিযুক্তৰ হাতত তুলি দিয়ে ৷
আনহাতে আদালতে পৰবৰ্তী শুনানিৰ দিন ধাৰ্য কৰে ২২ ডিচেম্বৰ । সেইদিনাও প্ৰয়োজন হ’লে ভাৰ্চুৱেলিয়ে উপস্থিত থাকিব পাৰিব সাত অভিযুক্ত ৷
উল্লেখ্য যে ২২ ডিচেম্বৰত জুবিন গাৰ্গ হত্যাকাণ্ডৰ সমগ্ৰ গোচৰটো চিজেএম আদালতৰ পৰা দিয়া হয় কামৰূপ জিলা চেছন আদালতলৈ।
মনকৰিবলগীয়া যে গোচৰটোৰ চাৰি অভিযুক্তৰ বিৰুদ্ধে হত্যাকাণ্ডৰ ১০৩ ধাৰা সন্নিৱিষ্ট হোৱা হেতুকে এনে গোচৰ চিজেএম আদালতত কৰিব নোৱাৰি ৷ এনে প্ৰেক্ষাপটত ২২ ডিচেম্বৰৰ পিছৰ পৰৱৰ্তী শুনানি সমূহ হ’ব কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতত ৷
উল্লেখ্য যে চাৰ্জফ্ৰেম হোৱাৰ দিনা সোঁশৰীৰে আদালতত উপস্থিত থাকিবই লাগিব ৭ অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত সিদ্ধার্থ শৰ্মা, সন্দীপন গার্গ, জুবিনৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা , পৰেশ বৈশ্য ,শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্ত ৷
সম্প্ৰতি বাকসা নিকাচী কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে শ্যামকানু মহন্ত সিদ্ধার্থ শৰ্মা, সন্দীপন গার্গ, জুবিনৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা , পৰেশ বৈশ্য ৷ আনহাতে হাফলং উপ -কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্ত ৷
