গুজৰাটত নিষিদ্ধ ‘ৰোলিং পেপাৰ’ !

ধূমপান ৰোধৰ বাবে বিজেপি চৰকাৰৰ এক বৃহৎ পদক্ষেপ

Untitled 1 49

ইতিমধ্যে গুজৰাটত নিষিদ্ধ কৰা হৈছিল সুৰা। এইবাৰ ‘ড্ৰাই ষ্টেট’ত নিষিদ্ধ হ’ল ৰোলিং পেপাৰ। ধূমপান ৰোধৰ বাবে এই পদক্ষেপ লোৱা বুলি উল্লেখ কৰিছে ৰাজ্য চৰকাৰে। মঙলবাৰে এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰা হয়।

নিৰ্দেশনাত উল্লেখ আছে, ‘এই ধৰণৰ ৰোলিং পেপাৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। ইয়াত টাইটানিয়াম অক্সাইড, পটাছিয়াম নাইট্ৰেট, কৃত্ৰিম ৰং, কেলচিয়াম কাৰ্বনেট, ক্ল’ৰিন ব্লিচ আদি বিষাক্ত পদাৰ্থ থাকে।ইয়াৰ সংৰক্ষণ, বিক্ৰী আৰু বিতৰণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।’

প্ৰসংগত, এই ‘ৰোলিং পেপাৰ’বোৰ পানৰ দোকান, চাহৰ দোকানৰ লগতে বহুতো গেলামালৰ দোকানত বহুলভাৱে বিক্ৰী হয়।

এইবোৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ আৰু মাদক দ্ৰব্য সেৱনৰ বাবে ব্যৱহাৰ কৰা হয়। গুজৰাট চৰকাৰে ৰাজ্যৰ সকলো দোকানৰ পৰা শীঘ্ৰে এইসমূহ বিক্ৰী নকৰিবলৈ নিৰ্দেশ দিছে।

কিন্তু ‘ৰোলিং পেপাৰ’ৰ উপৰিও ‘স্মোকিং কন’ আৰু অনুৰূপ সামগ্ৰীৰ মজুত, বিক্ৰী, বিতৰণ আদিতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Exit mobile version