Water Lily:✒️উদ্ভিদ সাধাৰণতে বিভিন্ন ঠাইত বিভিন্ন প্ৰকাৰৰ দেখা পাওঁ। কিছুমান মাটিত, কিছুমান বেৰত, কিছুমান আন গছৰ ওপৰত আৰু কিছুমান পানীত গজা দেখা যায়। আকৌ কিছুমান উদ্ভিদ পানীৰ তলত গজে।
সেইবোৰ জলজ প্রাণীবোৰৰ খাদ্য হিচাপে ব্যৱহাৰ হয়। বিশেষকৈ মাছৰ বাবে পানীৰ তলৰ উদ্ভিদবোৰ প্ৰয়োজনীয়। বিশেষকৈ পানীত এনে কিছুমান উদ্ভিদ আৰু ফুল দেখা পোৱা যায় যাৰ আকৃতি ডাঙৰ আৰু গোন্ধও মোহীয়।
ডাঙৰ পুখুৰী বা বিলত লিলি (Water liley) বোৰক পানীত গজা উদ্ভিদক আটাইতকৈ ডাঙৰ বুলি ধৰা হয়। এই উদ্ভিদবিধৰ বৈজ্ঞানীক নাম হ’ল ভিক্টোৰিয়া আমা জোনিকা (Victoria Amazanica)।
দক্ষিণ আমেৰিকাৰ পুখুৰী আৰু হৃদত এইবিধ উদ্ভিদ বেছিকৈ পোৱা যায়। পৃথিৱীৰ আন আন দেশতো এইবোৰ দেখা যায়। পশ্চিমবংগত ফেব্ৰুৱাৰীত এই উদ্ভিদ গজে।
১৮০১৩ এইবিধ উদ্ভিদক এজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰে। তেওঁৰ নাম আছিল হ্যানকে চাৰ্ছ। ১৮৫৩ত ভাৰতলৈ ইয়াৰ বীজ ইংলেণ্ডৰ পৰা অনা হয়। এইবিধ উদ্ভিদৰ পাত একোখনৰ ব্যাঘ্র প্রায় পাঁচ ফুটৰ পৰা সাত ফুট পর্যন্ত।
কেতিয়াবা ইয়াতকৈ বেছি ডাঙৰ হয়। পাতবোৰ একোখন ডলাৰ নিচিনা। পানীৰ ওপৰত ওপঙি থাকে। পাতখনৰ ওপৰত ১০/১২ বয়সৰ ল’ৰা-ছোৱালী বহি থাকিব পাৰে। ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত এই উদ্ভিদবোৰৰ ফুল ফুলে। ফুলবোৰ দেখাত পদুম ফুলৰ দৰে।
