ভাৰতত আজিও বিদ্যালয়লৈ নাযায় ৪৫.৪ শতাংশ কন্যা

862825 27826 cpidexsdpp 1514433599

Education:✒️সংসদৰ চলিত শীতকালীন অধিবেশনত ভাৰতৰ কন্যা সন্তানৰ শিক্ষাৰ এক উদ্বেগজনক তথ্য পোহবলৈ আহিল। চৰকাৰে সদৰী কৰা তথ্য অনুসৰি, দেশত আজিও ৪৫.৪ শতাংশ ছোৱালীয়ে বিদ্যালয়লৈ নাযায়।

কেন্দ্রব চৰকাৰে বালিকা শিক্ষাত গুরুত্ব আৰোপ কৰাৰ পাছতো দেশজুবি প্রায় ৪৫.৪ শতাংশ কন্যা সন্তান বিদ্যালয়ৰ শিক্ষা গ্ৰহণৰ পৰা আঁতৰি আছে। মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে সর্বাধিক ৬৬ শতাংশ কন্যা সন্তানে স্কুলীয়া শিক্ষা গ্রহণ কৰা নাই।

একেদবে হিমাচল প্রদেশত ৫৪.৮, মিজোৰামত ৫৩.৮, জম্মু-কাশ্মীৰত ৫৩.৭ আৰু ওড়িছাত ৪৯.৫ শতাংশ কন্যা সন্তান বিদ্যালয়ৰ শিক্ষাৰ বাহিৰত আছে। আনহাতে, কেৰালাই ছোৱালীৰ শিক্ষাৰ ক্ষেত্রত যথেষ্ট অগ্রগতি লাভ কৰিছে।

বামশাসিত এই ৰাজ্যত মাত্র ৩৩.২ শতাংশ কন্যা সন্তান স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত। মধ্য প্রদেশত ৩৭.৮ শতাংশ কন্যা সন্তান স্কুলীয়া শিক্ষাৰ বাহিৰত আছে। একেদৰে বিহাৰত স্কুলীয়া শিক্ষা বঞ্চিত কন্যা সন্তানব সংখ্যা হৈছে ৪৫.৭ শতাংশ। ৰাজস্থানত ৪৬.২ আৰু উত্তৰ প্রদেশত ৪৭.২ শতাংশ কন্যা সন্তানে বিদ্যালয়লৈ নাযায়।

Exit mobile version