Guwahati:
মহানগৰীৰ দিছপুৰৰ কছম’ হাস্পতালত উত্তপ্ত পৰিস্থিতি ৷ চিকিৎসাধীন অৱস্থাত এজন ১৯ বছৰীয়া যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷
চিকিৎসক তথা চিকিৎসালয়ৰ গাফিলতিৰ বাবে মৃত্যুৰ অভিযোগ মৃতকৰ পৰিয়ালৰ ৷ ঋষি পণ্ডিত নামৰ যুৱকজন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে পৰিয়ালে তৎক্ষণাত চিকিৎসাৰ বাবে ৬ ডিচেম্বৰত ভৰ্তি কৰিছিল কচমো মেডিকেলত ।
পৰিয়ালৰ অভিযোগ অনুসৰি ৰোগীৰ অভিভাৱকে ধন পৰিশোধ কৰিব নোৱাৰা বাবেই উন্নত চিকিৎসাৰ বাবে অন্য হাস্পতাললৈ নিবলৈ দিয়া নাছিল কৰ্তৃপক্ষই। ১১ দিনত হাস্পতালখনত বিল হৈছিল মুঠ ২ লাখ ৩৪ হাজাৰ ৬৫০ টকা। ৰোগীৰ অভিভাৱকে পৰিশোধ কৰিছিল ২০ হাজাৰ টকা।
উল্লেখ্য যে যিজন টেকনিচিয়ানে যুৱকজনৰ মাতৃ গৰাকীক কচমো মেডিকেললৈ লৈ আহিছিল তেওঁৰ সৈতে হাস্পতাল কৰ্তৃপক্ষৰ ভাল সম্পৰ্ক বুলি কৈ। অভিযোগ অনুসৰি টেকনিচিয়ানজনৰ কবলত পৰিয়ে পুত্ৰক হেৰুৱাব লগীয়া হ’ল দুৰ্ভগীয়া মাতৃ গৰাকীয়ে ৷ দালাল চক্ৰৰ কবলত পৰি সৰ্বস্বান্ত হ’ল এগৰাকী মাতৃ গৰাকী ৷দালালৰ সৈতে হাস্পতালখনৰ ঘনিষ্ঠ সম্পৰ্ক থকা অভিযোগ বিভিন্নজনৰ ৷




































