State Bjp:
মঙলবাৰে জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰত এচ আই টিয়ে দাখিল কৰা অভিযোগনামাৰ সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যম যোগে প্রকাশ কৰা মন্তব্যৰ সন্দর্ভত এক প্রেছ বিজ্ঞপ্তিযোগে অখিল গগৈয়ে অভিযুক্ত হত্যাকাৰী সকলৰ লগত গোপন সম্পর্ক ৰাখিছে বুলি বক্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে।
বিজেপিৰ ৰাজ্যিক কার্যালয় বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে অখিল গগৈয়ে কালি ফেচবুক লাইভযোগে চি আই ডি থানাৰ গোচৰ নং ১৮/২০২৫ গোচৰত তদন্তকাৰী এচ আই টিয়ে আদালতত দাখিল কৰা অভিযোগ নামাৰ প্ৰতিলিপি তেওঁ লাভ কৰিছে বুলি প্রকাশ কৰাৰ সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে উভতি ধৰি অখিল গগৈয়ে চাৰ্জচিটৰ কপি কেনেকৈ লাভ কৰিলে বুলি প্ৰশ্ন কৰে আৰু কয় যে, কালি কামৰূপ মেট্ৰৰ মুখ্য ন্যায়াধীশ আদালতৰ পি আৰ চি গোচৰ নং ৪০৮৪/২০২৫ গোচৰৰ হুকুম অনুযায়ী সিদ্ধার্থ, শ্যামকানু প্রমুখ্যে ৭ জন অভিযুক্তক চি আই ডিৰ যোগেদি তেওঁলোকক ৰখা সংশ্লিষ্ট জেললৈ অভিযোগ নামাৰ প্রতিলিপি প্ৰেৰণ কৰিছে আৰু আদালতত উপস্থিত থকা উক্ত সাঁতোজন অভিযুক্তৰ কতৃত্বশীল পৰিয়ালৰ লোকক একোটাকৈ পেনড্রাইভত অভিযোগ নামাৰ প্ৰতিলিপি প্রদান কৰিছে, গতিকে আন কোনো তৃতীয় পক্ষক এতিয়ালৈকে অভিযোগ নামাৰ প্ৰতিলিপি প্রদান কৰা নাই।
এনে পৰিস্থিতিত অখিল গগৈয়ে যদি অভিযোগ নামাৰ কপি লাভ কৰিছে তেনেহ’লে অভিযুক্তকাৰী সকল অথবা তেওঁলোকৰ কতৃত্বশীল পৰিয়ালৰ লোকৰ পৰাই পাব লাগিব, গতিকে অখিল গগৈয়ে জুবিন গাৰ্গ হত্যাৰ অভিযুক্তসকলৰ লগত অথবা তেওঁলোকৰ পৰিয়ালৰ লোকৰ সৈতে গোপন সম্পর্ক বজাই ৰাখিছে বুলি স্পষ্ট হৈছে।
অন্যহাতে বিধায়ক অখিল গগৈয়ে বাৰে বাৰে এচ আই টিয়ে দাখিল কৰা অভিযোগ নামা নস্যাৎ কৰি পৰোক্ষভাৱে অভিযুক্ত সকলক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত আচামীসকলৰ উকিলৰ দৰে আচৰণ কৰিছে লগতে এচ আই টিয়ে জুবিন হত্যাকাণ্ডৰ গোচৰটো প্ৰমাণ কৰি অভিযুক্তসকলক দোষী সাব্যস্ত কৰিবৰ বাবে যুগুত কৰা চৰকাৰী সাক্ষীসকলকো বিচলিত কৰিবৰ বাবে নিকৃষ্ট ষড়যন্ত্ৰ কৰিছে বুলি মুখপাত্ৰ গৰাকীয়ে অভিযোগ দিয়ে।
প্রেছ বিজ্ঞপ্তিটোত ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন গৃহ বিভাগৰ অধিনত এচ আই টিয়ে ক্ষীপ্রতাৰে সমগ্র ঘটনাটো তদন্ত কৰি ৮৬ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হোৱাৰ বাবে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আদালতত খৰটকীয়াকৈ সমাপ্ত কৰাৰ পথ প্রশস্ত কৰিলে বুলি মুখপাত্ৰ গৰাকীয়ে মন্তব্য কৰে।
