একাংশ তিমিৰ বাৰ্তাই কৌতূহলৰ সৃষ্টি কৰিছে বিশ্বত

IMG 20251218 141323

Greenland:✒️পৃথিৱীৰ ধ্বংসৰ দিনটো যেন চমু চাপি আহিছে। এইবাৰ সেই ইংগিত দিলে গ্রীণলেণ্ডৰ সাগৰত বাস কৰা একাংশ তিমিয়ে। সম্প্রতি এদল ফটোগ্রাফাৰে উক্ত স্থানত ফটো তুলিবলৈ গৈছিল। হঠাতে তেওঁলোকে একাংশ তিমি প্রত্যক্ষ কৰে।

মানুহক দেখাৰ লগে লগে তিমিবোৰ তেওঁলোকৰ কাষলৈ চাপি আহে। আৰম্ভ হয় ফটো তোলাৰ প্রক্রিয়া। ইয়াতেই শেষ নহয়, সেই তিমিবোৰে ফটোগ্ৰাফাৰসকলক পথ দেখুৱাই চিধাই লৈ গ’ল সেই স্থানলৈ, য’ত বৰফৰ পাহাৰ গলি পানীৰ লগত মিহলি হৈ আছিল।

সেই দৃশ্যও দ্রুত কেমেৰাবন্দী কৰিবলৈ নাপাহৰিলে ফটোগ্ৰাফাৰৰ দলটোৱে। সম্প্রতি সেই ফটো বিয়পি পৰাৰ লগে লগে সমীপৰ সকলো স্থানতে তোলপাৰ লাগিছে। যিদৰে তিমিবোৰে বৰফ দেখুৱাইছে, সেয়া দেখি মূৰত হাত দিছে একাংশ গৱেষকে।

তেওঁলোকে লগে লগে গ্রীণলেণ্ডত জৰুৰী অৱস্থা ঘোষণা কৰে। সেই অঞ্চললৈ যাতে কোনো নাযায়, সেই বিষয়তো নির্দেশ জাৰি কৰা হৈছে।

অৱশ্যে তিমিবোৰৰ প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰিলে বিজ্ঞানীসকলে। সেইবোৰো যে এই পৃথিৱীৰে প্ৰাণী। সিবোৰে যিদৰে সমগ্র বিষয়টো স্পষ্ট কৰি দিছে, তাত সকলোৱেই আনন্দিত। সাগৰৰ পাণী ইতিমধ্যেই প্রদূষিত হৈছে। তাৰ মাজতে এই তিমিবোৰে নিজৰ জীৱন ধাৰণ কৰি আছে।

লগতে এইবাৰ উক্ত দৃশ্য দেখুৱাই তিমিবোৰেও যেন স্পষ্ট কৰি দিলে যে পৃথিৱীৰ অন্তিম দিনটো হিচাপ কৰাৰ সময় আহি পৰিছে। তিমিবোৰৰ সেই বার্তা ইতিমধ্যে সমগ্র বিশ্বই জানিব পাৰিছে।

বিশ্বৰ শক্তিধৰ দেশসমূহে এই ক্ষেত্রত কি ব্যবস্থা ল’ব সেয়া তেওঁলোকৰ বিষয়। অবশ্যে এই ধ্বংসক প্ৰতিৰোধ কৰাৰ শক্তি কাৰো হাতত নাই। পানীৰ মাত্রা লাহে লাহে বাঢ়ি থাকিব, গ্রীণহাউছ গেছৰ পৰিমাণো বাঢ়িব। তাত জলচৰ প্ৰাণীবোৰ সুৰক্ষিত হৈ থাকিলেও সকলোৰে আগত সমস্যাত পৰিব ডাঙৰ প্রাণীবোৰ।

পৰিৱেশ যি হাৰত সলনি হৈ আছে, তাৰ ফলত অহা এশ বছৰৰ ভিতৰত পৃথিৱীৰ ৰূপৰ পৰিৱৰ্তন ঘটিব। এতিয়াৰ ভুলে সেই সময়লৈ সর্বনাশ মাতি আনিব। সেই সময়ৰ পৰাই হয়তো বিলুপ্তিৰ পথলৈ আগুৱাই যাব মানর সভ্যতা। যি সতর্কবার্তা তিমিবোৰে দেখুৱাইছে, সেয়া যদি এতিয়াই বুজিব পৰা নাযায় তেন্তে সকলো আগত শেষ হ’ব খোৱাপানী। তাৰ পৰাই হেৰাই যাব জীৱনৰ স্পন্দন।

Exit mobile version