দিল্লীৰ বায়ু প্ৰদূষণৰ পৰা মুক্ত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা

প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে নাপাব ইন্ধন ,বন্ধ পুৰণি বাহন

IMG 20251218 125647

Delhi Air Pollution:✒️কুঁৱলী আৰু প্ৰদূষণত শ্বাসৰুদ্ধকৰ পৰিস্থিতি দিল্লীত। দীপাৱলীৰ আশে-পাশে বতাহত প্ৰদূষকৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰাৰ পিছৰে পৰা পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈয়েই আছে। দীপাৱলী উৎসৱৰ পিছৰে পৰা ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন ।

এইবাৰ প্ৰশাসনে ধাৰাবাহিকভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰদূষণ বিৰোধী কঠোৰ ব্যৱস্থাৰ অংশ হিচাপে দিল্লী চৰকাৰে বৃহস্পতিবাৰৰ পৰা বি এছ-VI ইঞ্জিন নথকা বাহন দিল্লীত প্ৰৱেশৰ অনুমতি নিদিয়ে।

প্ৰদূষণৰ প্ৰমাণ পত্ৰ নথকা কোনো যান-বাহনলৈ ইন্ধন প্ৰদান নকৰিবলৈ পেট্ৰ’ল পাম্পক নিৰ্দেশ দিয়া হৈছে।

তথ্য অনুসৰি ,কেৱল বি এছ-VI ইঞ্জিন থকা বাহনহে দিল্লীত প্ৰৱেশ কৰিব পাৰিব।ফলত গুৰুগ্ৰাম, গাজিয়াবাদ, ফৰিদাবাদ, আৰু নয়দাৰ পৰা প্ৰায় ১২ লাখ বাহন দিল্লীত প্ৰৱেশ কৰিব নোৱাৰিব।

নয়দাৰ পৰা চাৰি লাখতকৈ অধিক, গুৰুগ্ৰামৰ পৰা দুই লাখ, গাজিয়াবাদৰ পৰা পাঁচ লাখ ৫০ হেজাৰতকৈ অধিক বাহন দিল্লীত প্ৰৱেশ নিষিদ্ধ কৰা হ’ব।

বাহনসমূহৰ তালাচীৰ বাবে ৫৮০জন আৰক্ষী বিষয়া নিয়োগ কৰা হ’ব। ইয়াৰ উপৰিও ১২৬টা চেকপইণ্টত ৩৭খন বলবৎকাৰী ভ্যান স্থাপন কৰা হ’ব। পৰিবহণ বিভাগ, পৌৰ নিগম, আৰু খাদ্য বিভাগৰ কৰ্মীসকলক পেট্ৰ’ল পাম্পত কৰ্তব্য নিযুক্তি দিয়া হ’ব।

ইতিমধ্যে দিল্লীৰ পেট্ৰ’ল পাম্পত অটোমেটিক নম্বৰ প্লেট চিনাক্তকৰণ কেমেৰা স্থাপন কৰা হৈছে। ইয়াৰ ফলত বৈধ PUC (Pollution Under Control) প্ৰমাণপত্ৰ নথকা বাহন চিনাক্তকৰণ সহজ হ’ব। মঙলবাৰে এই ঘোষণা কৰে দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই।

গ্ৰেডেড ৰেচপন্স একচন প্লেন (জি আৰ এ পি)ৰ চতুৰ্থ পৰ্যায় দিল্লীত কাৰ্যকৰী হোৱাৰ সময়ত এই ব্যৱস্থা প্ৰযোজ্য হৈ থাকিব। গৱেষণাৰ পৰা দেখা গৈছে যে শীতকালত বায়ুত হোৱা পিএম১০ৰ ১৯.৭ শতাংশ আৰু পিএম২.৫ৰ ২৫.১ শতাংশ প্ৰদূষণৰ বাবে এই বাহনসমূহ দায়ী।

দিল্লীৰ প্ৰায় ১০০টা হটস্পটত যানজঁট হ্ৰাস কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছে। ইয়াৰ ফলত সংকেতত যান-বাহনৰ চাপ হ্ৰাস পাব আৰু প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাব।

নৱেম্বৰৰ পৰা দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংক ‘গুৰুতৰ’ আৰু ‘অতি বেয়া’ ৰ মাজত চলিছে।বুধবাৰে বিয়লি চাৰি বজালৈকে চহৰখনৰ ২৪ ঘণ্টাৰ গড় একিউআই আছিল ৩৩৪, যিটো ‘অতি বেয়া’ শ্ৰেণীত পৰে।

Exit mobile version