শুল্কৰ ভাবুকি দি আঠখন যুদ্ধ বন্ধ কৰাৰ দাবী ট্ৰাম্পৰ

IMG 20251218 162031

Donald Trump:✒️শুল্কৰ ভাবুকি দি আঠখন যুদ্ধ বন্ধ কৰিছো! পুনৰবাৰ এই দাবী উত্থাপন কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । আমেৰিকাৰ উৎপাদন বৃদ্ধি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা পুনৰুজ্জীৱিত কৰাৰ বাবেও তেওঁ শুল্কক কৃতিত্ব দিয়ে।

ট্ৰাম্পে লগতে জনাইছে, ভিছাৰ কঠোৰ নিয়মৰ মাজতে এজনো বিদেশীয়ে অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰা নাই। বুধবাৰে হোৱাইট হাউছৰ পৰা দেশবাসীক সম্বোধন কৰি এনে অন্যান্য দাবী উত্থাপন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

বুধবাৰে ট্ৰাম্পে কয়,যোৱা কেইমাহমানত এজনো বিদেশী অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰা নাই। তেওঁ কয়, ‘যোৱা সাত মাহ ধৰি আমাৰ দেশত কোনো অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই।সকলোৱে কৈছিল এইটো একেবাৰে অসম্ভৱ।কিন্তু আমি সেয়া কৰি দেখুৱালো । মনত আছেনে যেতিয়া জ’বাইডেনে কৈছিল যে কংগ্ৰেছে সীমান্ত বন্ধ কৰিবলৈ আইন প্ৰণয়ন কৰিব লাগে? বাস্তৱত আমাক কোনো আইনৰ প্ৰয়োজন নাছিল। আমাক মাত্ৰ এজন নতুন প্রেসিডেন্টৰ প্ৰয়োজন আছিল।পৃথিৱীৰ আটাইতকৈ বেয়া সীমান্তখন আমি উত্তৰাধিকাৰী সূত্ৰে পাইছিলোঁ যদিও তাক আমি দ্ৰুতগতিত ইতিহাসৰ আটাইতকৈ শক্তিশালী সীমালৈ ৰূপান্তৰিত কৰিছোঁ।”

ট্ৰাম্পে লগতে কয় যে তেওঁ শুল্ক আৰোপ কৰাৰ ভাবুকি দি বিশ্বৰ বিভিন্ন প্ৰান্তত ইখনৰ পাছত সিখন যুদ্ধ বন্ধ কৰিছে। এইদৰে আঠখন যুদ্ধ বন্ধ কৰা বুলি তেওঁ দাবী কৰিছিল। ইয়াৰ উপৰিও ট্ৰাম্পে কয় যে উৎপাদন বৃদ্ধিৰ বাবে শুল্কই দায়ী।

কাৰণ কোম্পানীসমূহে আমদানি শুল্ক পৰিহাৰ কৰিবলৈ আমেৰিকালৈ উভতি আহিছে। কৃত্ৰিম বুদ্ধিমত্তা আৰু অটোম’বাইলৰ দৰে খণ্ডতো উল্লেখযোগ্য উন্নতি হৈছে, যিবোৰ “আমেৰিকাৰ ইতিহাসত পূৰ্বতে কেতিয়াও দেখা নাই”।

Exit mobile version