Indian passport:✒️বিগত ১৪ বছৰত কিমান ভাৰতীয় নাগৰিকে নাগৰিকত্ব ত্যাগ কৰিছে তাৰ তথ্য আৰু পৰিসংখ্যা প্ৰদান কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত এটা প্ৰশ্নৰ লিখিত উত্তৰত এছ জয়শংকৰৰ মন্ত্ৰালয়ে জনাইছে,২০১১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ২০ লাখতকৈ অধিক ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি ২০২২ চনৰ পৰা নাগৰিকত্ব ত্যাগ কৰাৰ হাৰ বৃদ্ধি পাইছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি ২০২২ চনৰ পৰা নাগৰিকত্ব ত্যাগ কৰাৰ হাৰ বৃদ্ধি পাইছে।
তথ্য অনুসৰি যোৱা ১৪ বছৰত ২০ লাখতকৈ অধিক লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। কেৱল ২০২০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত এই সংখ্যাই ন লাখ অতিক্ৰম কৰিছে।
পৰিসংখ্যাই এইটোও দেখুৱাইছে যে ২০১১ চনৰ পৰা ২০২১ চনলৈ প্ৰতি বছৰে নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা এক লাখ ২০ হেজাৰৰ পৰা এক লাখ ৪৫ হেজাৰৰ ভিতৰত উঠা-নমা হৈছিল। কিন্তু ২০২২ চনৰ পৰা এই সংখ্যা দুই লাখ হ’ল।
নাগৰিকত্ব ত্যাগ কৰাৰ হাৰ বৃদ্ধি পোৱাৰ কোনো স্পষ্ট ব্যাখ্যা আগবঢ়োৱা নাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। অৱশ্যে জয়শংকৰৰ নেতৃত্বত গঠিত মন্ত্ৰালয়ে ব্যক্তিগত কাৰণত বহু লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি থকা বুলি উল্লেখ কৰে।
এই পৰিসংখ্যাই ‘ব্ৰেইন ড্ৰেইন’ তত্ত্বৰ বিষয়ে আলোচনা পুনৰ জগাই তুলিছে, যিয়ে ভাৰতৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰী আৰু যুৱ পেছাদাৰীসকলে উন্নত সুযোগৰ সন্ধানত পশ্চিমীয়া দেশসমূহলৈ প্ৰব্ৰজন কৰিছে বুলি ধাৰণা কৰে।
১৯৭০ চনত ভাৰতীয়সকলে নাগৰিকত্ব ত্যাগ কৰাৰ হাৰ বৃদ্ধি পোৱাটোৱে এই তত্ত্বক আৰু অধিক শক্তিশালী কৰি তুলিছিল।
ভাৰতে দ্বৈত নাগৰিকত্ব (একেলগে দুখন দেশৰ নাগৰিকত্ব) স্বীকৃতি নিদিয়ে। আমেৰিকা, কানাডা বা ব্ৰিটেইনৰ নাগৰিকে আন দেশৰ নাগৰিকত্ব লাভ কৰিব পাৰে।
বহুতো ভাৰতীয় কৰ্মৰ বাবে পৃথিৱীৰ বিভিন্ন দেশত সিঁচৰতি হৈ আছে। সেই দেশসমূহৰ নাগৰিকত্বৰ সুবিধা লাভ কৰিলেই বহুতে সংশ্লিষ্ট দেশৰ নাগৰিকত্ব গ্ৰহণ কৰে।
নিয়ম অনুসৰি কোনো ব্যক্তিয়ে আন দেশৰ নাগৰিকত্ব লাভ কৰাৰ লগে লগে ভাৰতীয় নাগৰিকত্ব হেৰুৱাই পেলায়। একাংশ প্ৰবাসী ভাৰতীয়ই এই বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত বাৰে বাৰে ক্ষোভ প্ৰকাশ কৰি আহিছে।
